কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খচকৈkhos.koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খচকৈ কkhos.koi koVerb-Trans.
নভবা-নিচিন্তাকৈ তৎক্ষনাৎ কোৱা কথা ।
to say something suddenly and without thinking carefully enough.
- খচকৈ, খচ কৰে
হঠাতে।
- খচক্khacakTransitive verb
গচক্; গৰক্ ; ভৰিৰে মোহাৰ্ ; ভৰিৰে ঘনাই ঘনাই গৰক্
to tread; to trample repeatedly
- খচক্kho.sokVerb-Trans.
কিহবাত ভৰি পেলা
to step on something
- খচকৰেkhos.ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খচকৰে কkho.so.ko.re koVerb-Trans.
নভবা-নিচিন্তাকৈ তৎক্ষনাৎ কোৱা কথা ।
to say something suddenly and without thinking carefully enough.
- খচখচাkhos.kho.saVerb-Trans.
চকুত কোনো বস্তু পৰি খজতিৰ দৰে অনুভৱ কৰ্
to cause (especially the eyes) to become excessively stimulated, resulting in inflammation, tenderness, etc.
- খচখচীয়াkhos.kho.siaProper Adj.
অতি মিহিকৈ গুড়ি কৰা (গোটা পদাৰ্থ)
ground into minute granules
- খচমkhacamaNoun
স্বামী; যেনে-"অভাগীয়া খচম নাহিকে মোৰ ঘৰে"
husband
- খচাAdjective; Adverb
খচি খচি
excessively
- খচাkhacāTransitive verb
আনৰ হতুবাই মোহৰাই-পিটিকাই মিহলি কৰা; গৰকা; গচকা
to cause to be crushed, kneaded or trampled
- খচিkhaci
যুক্ত বা মিহলি হৈ; যেনে-"প্ৰতি গাছে গাছেঃ ভিণ্ডা বান্ধি আছেঃ সুবৰ্ণ মাণিকে খচি" (কীৰ্ত্তন)।
- খচিতkhacitaAdjective
খটোবা; যুক্ত; লগোবা; যেনে-"মাণিক-খচিত শুদ্ধ সুবৰ্ণৰ কাম" (মা. ক., অৰণ্যকাণ্ড)
studded; inlaid
- খচিত কৰ্kho.sit korVerb-Trans.
কোনো বস্তুক আকৰ্ণিয় কৰি তুলিবলৈ আন কোনো বস্তু তাৰ ওপৰত লগাই দে৷যেনে- বিক্ৰমাদিত্যৰ সিংহাসন মনি মুক্তাৰে খচিত/খটোৱা৷
to decorate an item with other decorative objects by engraving them on the surface.
- খচ্khacTransitive verb
হাত বা ভৰিৰে মোহাৰি-সামৰি ভাঙি-ছিঙি গুৰি বা লেউ-সেউ কৰ্; মোহাৰি মিহি বা মিহলি কৰ্
to soften or mix up by repeated treading or squeezing; to tread
- খচ্ খচাIntransitive verb
চকুত বালি আদি পৰাৰ কাৰণে দুখ পা বা সেই নিচিনা দুখ বোধ কৰ্
to feel irriation in the eye as from dust, etc.
- খচ্ খচ্khac, khacNoun
বালি বা খৰচীয়া বস্ত্ত মোহাৰিলে বা তাত খোঁচ মাৰিলে হোবা শব্দ; সেই নিচিনা আন শব্দ বা মাত
an imitative word used to express the sound produced by rubbing or pressing on sand; any other sound like the above
- খচ্ খচ্ কৰেAdverb
বেগাই
quickly; without stop
- খচ্ মচ্khac, macNoun
শুকান পাত আদি লৰিলে বা জোকাৰ খালে হোবাৰ নিচিনা শব্দ
an imitative word used to express a rustling noise