কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁঠু কাঢ়a.thu.karhVerb-Intran.
এটা বা দুয়োটা আঁঠু মাটিত লগোৱা অৱস্থালৈ যা।
To go down into a position where one or both knees are in ground.
- আঁঠু কাঢ়ি বহ্
দুয়োটা আঁঠু কোঁচাই বহ্; কুকুৰ- বহনেৰে বহ্
to sit down by contracting the knees
- আঁঠু কাঢ়্
দুই আঁঠু আৰু দুই হাতেৰে মাটিত ভৰ দি লৰি-চৰি ফুৰ্
to move on all fours
- আঁঠু চালিCommon Noun
এবিধ সৰু জোপোহাজাতীয় উদ্ভিদ৷ সাধাৰণতে অসম আৰু দাঁতি-কাষৰীয়া ৰাজ্যসমূহ, নেপাল আদি উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু অঞ্চলত পোৱা যায়৷
A kind of shrub that grows primarily in wet tropical regions including Assam, adjoining states of northeast India and Nepal.
- আঁঠু চোঙাa~.thu so`.ngaVerb-Intran.
ভৰি কোঁচাই আঁঠুৰ ওপৰত ভেঁজা দি মূৰ দোঁৱা
to bend one`s knees to show respect
- আঁঠু জোৰ্
আঁঠু কাঢ়্।
- আঁঠু পাৰ্, আঁঠু ল
আঁঠু দুটা মাটিত পেলাই বহ্; আঁঠু কাঢ়্
to kneel down; to sit on the knees, placed on the ground
- আঁঠু লa~thu loVerb-Trans.
To give up or hand over oneself, esp. to enemy
- আঁঠু-ভগা দNoun
"খোৰা দ" আখৰ দ
the letter ; of the Assamese alphabet
- আঁঠু-মূৰNoun
আঁঠুৰ ঘিলাৰ বাহিৰ ফাল
the outside of the knee-cap
- আঁঠু-মূৰীয়াAdjective
আঁঠুৰ মূৰলৈকে নামি বা ওলমি পৰা
hanging down as far as the knees
- আঁঠুবনীয়াAdjective
আঁঠুলৈকে উঠা; আঁঠুৰ সমান ওখ
knee-deep; coming up to the knee
- আঁঠুবাām̐ṭhubāNoun
মহ আদি সোমাব নোবৰাকৈ শয্যাৰ ওপৰত আৰু চাৰিওফালে তৰি দিয়া কাপোৰৰ ঘৰ বা ঢাকনি; মহৰি
a mosquito- curtain
- আঁঠুমূৰীয়াa~.thu.mu.ri.yaProper Adj.
আঁঠুৰ মুৰলৈকে ওলমি পৰা
hanging down as far as the knees
- আঁঠুৰ ঘিলাa~.thur ghi.laMaterial Noun
আঁঠুৰ গাঁঠিৰ আগ ফালৰ ঘূৰণীয়া হাড়৷
It is a circular-triangular bone of the human body, which protects the anterior articular surface of the knee joint. It is the largest sesamoid bone in the human body.
- আঁঠুৰ ছাল ছিঙ্
বৰকৈ কাকূতি কৰ্
to entreat
- আঁঠুৱনীয়াa~.thu.wo.ni.yaProper Adj.
মানুহৰ আঁঠুলৈকে তল যোৱা ওখ বা দ৷
as high as the knee of a man.
- আঁঠুৱাa~.thu.waMaterial Noun
(1)মহ সোমাব নোৱৰাকৈ শয্যাৰ চাৰিওফালে দিয়া কাপোৰৰ ঢাকনি। (2)মানুহ শুবৰ কাৰণে মহ সোমাব নোৱৰাকৈ বিচনাত আঁৰি লোৱা এখন জালৰ দৰে কাপোৰ।
(1)A screen, curtain, or canopy of net, gauze, or the like, for keeping out mosquitoes.(2)a net that hangs over and around a bed to keep insects away from someone who is sleeping.
- আঁতām̐taNoun
পেটৰ নাড়ী; ; আঁত মৰ্, আঁত শুকা নাড়ী মৰ্ বা শুকা; বহু দিন অনাহাৰে থকাৰ কাৰণে নাড়ী শুকাই খাব নোবৰা হ
the entrails ; to lose appetite by a long fast
- আঁতNoun
মেৰাই থোবা সূতাৰ মূৰ
the end of a skein or ball of thread