কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পপীয়া তৰাpo.pi.ya to.raCommon Noun
Small solid body from outer space that becomes incandescent when entering the earth's atmosphere.
- পপীয়া লগা
অন্যায় কৰা লগা; টুটকীয়া কথা ক
to back-bite
- পপীয়া-তৰাNoun
উল্কা
a meteor; a shooting-star
- পপৌpapauNoun
সৰু ল'ৰাৰ লিঙ্গ; মমৌ
the male organ of a child
- পবনpabanaNoun
বায়ু, বতাহ
air; wind
- পবন বৰদলৈpo.bon bor.do.loiProper Noun
অসমৰ খ্যাতনামা তবলা বাদক| আকাশবাণীৰ সৰ্বোচ্ছ স্তৰৰ বাদকৰূপে স্বীকৃত একমাত্ৰ অসমীয়া| বৰদলৈৰ ৰচিত তাল মণিকূট তবলাৰ বিষয়ে এক ধ্ৰুপদী পাঠ্যপুঠি|
an eminent Tabla virtuoso from Assam with international fame. Honoured as one of the few Top Grade artists of All India Radio, Bordoloi is a precursor of imparting Indian classical music to the youths of Assam and thus creating a new mind set. He has authord TAAL MANIKOOT,a classic book on the Tabla.
- পবন- নন্দনNoun
হনুমান
Hanumān, the monkey-hero of the Rāmāyaṇa
- পবাpabāNoun
আঙুলিৰ পাব বা গাঁঠি উখহি হোবা বেদনা; গগলা
a whitlow
- পবালpabālaAdjective
দীঘল পাব থকা; এটা গাঁঠিৰপৰা আন গাঁঠিলে বাঢ়ি যোবা (বাঁহ, বেত আদি)
having long joints; growing from joint to joint; having joints apart from each other. (as opposed to knotty, said of a bamboo or a cane)
- পবালিpabāliAdjective
দীঘল পাব থকা; এটা গাঁঠিৰপৰা আন গাঁঠিলে বাঢ়ি যোবা (বাঁহ, বেত আদি)
having long joints; growing from joint to joint; having joints apart from each other. (as opposed to knotty, said of a bamboo or a cane)
- পবিত্ৰpabitraAdjective
শুচি; শুদ্ধ
ceremonially clean; pure
- পবিত্ৰ-কীৰ্ত্তিpo.bi.tro-kir.tiProper Adj.
অতি পবিত্ৰ বা পুণ্যৱান
having a spiritually pure quality
- পবিত্ৰকৰণpo.bi.tro.ko.ronAbstract Noun
কোনো বস্তুৰ পৰা লেতেৰা, ময়লা গুচাই পৰিষ্কাৰ কৰা কাম; কিবা বস্তু ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰা কাম ; পৱিত্ৰ পানীত গা ধোৱাই বা মন্ত্ৰৰ সহায়েৰে কাৰোবাৰ শৰীৰ, মন বা আত্মা শুদ্ধ কৰা কাম৷
the act of making something clean by removing dirty, harmful elements;the act of making somebody pure by removing the evils from the soul.
- পবিত্ৰতাpo.bit.tro.taAbstract Noun
পবিত্ৰ বা সন্ত হোৱাৰ অৱস্থা বা গুণ
the state or quality of being holy, sacred, or saintly
- পবিত্ৰাত্মা
বাইবেলমতে ঈশ্বৰৰ তিনি মূৰ্ত্তিৰ এজন
the Holy Ghost
- পবিয়াpabiẏāTransitive verb
পাবৰ নিচিনাকৈ চিন দি কাট্; খণ্ড খণ্ড কৰ্ (কুঁহিয়াৰ)
to cut into small sections
- পবীয়াpabīẏāAdjective
পাব থকা; যেনে-"দুপষীয়া চুঙা"
consisting of joint or joints, as a bamboo
- পমpamaNoun
শিহৰি; গছৰ গুৰিৰ আলুৰপৰা বাঢ়ি গৈ আন এঠাইত আলু ধৰা সূতাৰ নিচিনা শিপা,
the long thin root of a plant forming a distance from the main root of a plant
- পম খেদ্pom khedVerb-Trans.
সবিশেষ অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে অৱস্থা, মূল্য আদি বিষয়ে ঠিৰাং কৰ্
to view in detail, esp. to inspect, examine, or appraise formally or officially in order to ascertain condition, value, etc.
- পম ধৰ্
শিপা ধৰ্; ঠন ধৰ্; ৰস ধৰ্
to revive; to begin to prosper or thrive