কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্ভেদud.bhedAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উদ্ভ্ৰান্তud.bhran.toProper Adj.
অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।
unable to decide with uncertainty or doubt.
- উদ্ভ্ৰান্তিudbhrāntiNoun
উদ্বাউল; যেনে-"চন্দ্ৰ সম জ্বলে অতি চাৰু নখ পান্তি। যাক দেখি মদনৰ চিত্ত উদভ্ৰান্তি" (ৰুক্মিণী-হৰণ)।
- উদ্ভৱud.bhobAbstract Noun
the phenomena of appearing in large numbers.
- উদ্যতudyataAdjective
যুগুত; সাজু; সষ্টম; প্ৰস্ত্তত
ready; prepared
- উদ্যমudyamaNoun
কৰিবৰ নিমিত্তে যত্ন; উদ্যোগ; কাৰবাৰ
excertion; effort
- উদ্যমবিহীনud.yom.bi.hinProper Adj.
উদ্যম নোহোৱা বা শক্তিহীন
without spirit; lack of energy
- উদ্যমশূন্যu.dyom.xu.nyoProper Adj.
উদ্যম নোহোৱা বা শক্তিহীন
without spirit; lack of energy
- উদ্যমশূন্যতাu.dyom.xu.nyo.taAbstract Noun
উদ্যম বা উদ্যোগৰ অভাৱ
lack of action or effort
- উদ্যমহীনud.yom.hinProper Adj.
উদ্যম নোহোৱা বা শক্তিহীন
without spirit; lack of energy
- উদ্যমহীনতাu.dhyom.hi.no.taAbstract Noun
the state of lacking spirit and energy
- উদ্যমিতাu.dyo.mi.taVerbal Noun
লাভৰ আশাৰে আৰ্থিক বিনিয়োগ কৰি কোনো ব্যৱসায় কৰা কাৰ্য্য
The activity of setting up a business or businesses, taking on financial risks in the hope of profit
- উদ্যমীud.do.miProper Adj.
উদ্যম, মনোবল আৰু কামত আগ্ৰহ থকা
full of energy, determination and courage
- উদ্যানudyānaNoun
বহল মুকলি ঠাই
a field
- উদ্যানকৃষিud.yan.kri.xiProper Noun
ফল, ফুল আৰু শাক-পাচলিৰ খেতিৰ বিজ্ঞানসন্মত অধ্যয়ন ৷
The science or art of cultivating fruits, vegetables, flowers, or ornamental plants.
- উদ্যানপাল
উদ্যান-ৰখীয়া; বাৰী-চোবা
a gardener; the keeper of a garden or park
- উদ্যানপালকu.dyan.pa.lokCommon Noun
ফুলৰ বাগিছাৰ যত্ন লোৱাৰ কাৰণে নিয়োজিত ব্যক্তি
A person who is employed to cultivate or care for a garden
- উদ্যানবিদ্যাu.dyan.bi.dyaProper Noun
ফল, ফুল আৰু শাক-পাচলিৰ খেতিৰ বিজ্ঞানসন্মত অধ্যয়ন ৷
The science or art of cultivating fruits, vegetables, flowers, or ornamental plants.
- উদ্যানৰক্ষকu.dyan.ro.khyokCommon Noun
ফুলৰ বাগিছাৰ যত্ন লোৱাৰ কাৰণে নিয়োজিত ব্যক্তি
A person who is employed to cultivate or care for a garden
- উদ্যোক্তাu.dyo`k.taCommon Noun
যি সংগঠিত কৰে বা আয়োজন কৰে |
One who organize something