কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদ্মভূষণpod.mo.bhu.xonProper Noun
পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান দ্বিতীয় ৷ ১৯৫৪ চনৰ পৰা এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ কোনো এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াক প্ৰদান কৰে ৷ সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি বিভিন্ন দিশত খ্যাতি অৰ্জন কৰা লোকক এই বঁটা প্ৰদান কৰা হয় ৷
The Padma Bhushan award is an Indian civilian decoration established on January 2, 1954 by the President of India. It stands third in the hierarchy of civilian awards. This service includes the Arts, Education, Industry, Literature, Science, Sports, Social Service and public life.
- পদ্মলাঞ্ছনাpod.mo.lan.so.naProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- পদ্মলোচন
কমল-লোচন।
- পদ্মশ্ৰীpod.mo.sriProper Noun
পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় ৷ ১৯৫৪ চনৰ পৰা এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ কোনো এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াক প্ৰদান কৰে ৷ সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি বিভিন্ন দিশত খ্যাতি অৰ্জন কৰা লোকক এই বঁটা প্ৰদান কৰা হয় ৷
Padma Shri is an award given by the Government of India generally to Indian citizens to recognize their distinguished contribution in various spheres of activity including the Arts, Education, Industry, Literature, Science, Sports, Social Service and public life.
- পদ্মসম্ভৱাProper Noun
অষ্টম শতিকাৰ প্ৰখ্যাত বুদ্ধ ধৰ্মৰ গুৰু আৰু প্ৰচাৰক৷ তিব্বতত তেওঁক ২য় বুদ্ধ বুলি জনা যায়৷ তেওঁক বহুতে কামৰূপৰ হাজোত মৃত্যু হোৱা বুলি কয়৷
8th century famous buddha schoolar, belong to tibetan school. He is often refered as 2nd buddha. Some claim that he died at Hajo, kamrup district of Assam.
- পদ্মাpadmāNoun
বিষহৰি।
- পদ্মা
লক্ষ্মী
the goddess Laksmi
- পদ্মাদেৱীpod.ma.de.biProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- পদ্মাবতীpadmābatīNoun
বিষহৰি।
- পদ্মালয়া
লক্ষ্মী
the goddess Laksmi
- পদ্মাসন
বাঁও কৰঙণৰ ওপৰত সোঁ ভৰি আৰু সোঁ কৰঙণৰ ওপৰত ষাওঁ ভৰি থৈ কৰা আসন
a mode of sitting with the thighs crossed as in a religious contemplation
- পদ্মাসনাpod.ma.xo.naProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.
- পদ্মাসুৰ
এটা অসুৰ [প্ৰবাদ আছে ভগীৰথে গঙ্গা আনোতে মাজ বাটতে গঙ্গাক থৈ তেওঁ সৰুপানী ছুবলৈ যাওঁতে এই অসুৰে ভগীৰথৰ বেশ ধৰি গঙ্গাক অন্য পথে লৈ যায়; তাৰেপৰাই পদ্মগঙ্গাৰ উৎপত্তি।
- পদ্মিনীpadminīNoun
চাৰি বিধ তিৰোতাৰ ভিতৰত শ্ৰেষ্ঠা আৰু সুলক্ষণী তিৰোতা
a woman of the first of the four classes into which the female sex in divided
- পদ্মিনী-বল্লভ্pod.mi.ni-bol.lovProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- পদ্মেশpod.mexProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- পদ্মোদ্ভৱpod.mo`d.bhobProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- পদ্মৰাগ
ডালিমা-বাখৰ
ruby
- পদ্মৰাগ মণিpod.mo.rag mo.niMaterial Noun
এবিধ বহুমূলীয়া ৰঙা ৰঙৰ উজ্বল বাখৰ ।
A deep red, translucent variety of the mineral corundum, highly valued as a precious stone.
- পদ্যpadyaNoun
ছন্দেৰে লিখা বাক্য
a metre; a verse