কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাম কাঢ়্nāma, kāṛh
নাম উচ্চাৰণ কৰ্
to utter one's name
- নাম কৰাAdjective
প্ৰখ্যাত।
- নাম কৰ্nāma, kar
নাম জলা; বেছিকৈ প্ৰখ্যাত হ
to become famous
- নাম খnāma, kha
নাম স্হগিত কৰ্; নাম গোবা শেষ কৰ্
to finish a prayer
- নাম জলাnāma, jalā
নাম উজ্জ্বল কৰ্; বিখ্যাত হ
to be famous, to gain reputation
- নাম ডাক্nāma, ḍāk
নাম ল; ঈশ্বৰৰ নাম-কীৰ্ত্তন কৰ্।
- নাম ডুব্nāma, ḍub
নাম নাইকিয়া হ
to lose reputation or existence
- নাম থnam thoVerb-Intran.
নাম গোৱা শেষ কৰ্
to stop or finish reciting prayer
- নাম দেnam deVerb-Trans.
কোনো বস্তু বা মানুহক নাম দে
to give name to somebody or something
- নাম নুমাnāma, numā
নাইকিয়া হ
to be extinct
- নাম প্ৰস্তাৱ কৰ্nam pros.tab korVerb-Trans.
কাৰোবাক কিবা গুৰুত্বপূৰ্ণ কাম, কমিটি, আদিত অন্তভূক্ত কৰিবলৈ বা কিবা পুৰষ্কাৰ আদিৰ বাবে বিবেচনা কৰিবলৈ আন কোনোবাই আনুষ্ঠানিক ভাৱে নামলোৱা বা পৰামৰ্শ দিয়া৷
to propose or formally suggest that somebody should be chosen for a committee, responsible task or a prize etc.
- নাম লnāma, la
ঈশ্বৰৰ নাম কীৰ্ত্তন কৰ্
to sing religious songs
- নাম লগাnāma, lagā
নাম ভুক্ত কৰ্; কোনো এক শ্ৰেণীৰ মানুহেৰে সৈতে নাম লিখ্
to enter the name of a person in a register; enlist
- নাম লগোবাNoun
যি নাম ভুক্ত কৰে
one who enlists
- নাম লগোৱাnam lo.go`.waVerbal Noun
কোনো কলেজ, বিদ্যালয় আদিৰ তালিকা বা বহীত নাম ভৰোৱা কাৰ্য৷
the act of enrolling a name in a list or register of a collage or school.
- নাম লুকাnāma, lukā
নাম লোপ হ; মৱত্যু হ
to be extinct; to die
- নাম লোপ হnam lo`p hoVerbal Adj.
বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷
to be entirely extinct by death of all in a family.
- নাম সামৰ্nam xa.morVerb-Intran.
নাম গোৱা শেষ কৰ্
to stop or finish reciting prayer
- নাম ৰাখ্nāma, rākh
নাম গোবা শেষ কৰ্
to terminate a prayer
- নাম-অঞ্জনীয়াnāma-añjanīẏāNoun
গুৰুবে নাম-কথা দিয়াৰ পাছত যিজনে তাক ভালকৈ বুজাই দিবে; যি নামৰ পৰমাৰ্থ বুজাই দিয়ে; যেনে-"নাম-অঞ্জনীয়া বিনে আনমতে নপাবে হৰিৰ পাশ" (নামঘোষা)।