কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চল্চল্ কৰেAdverb
উজ্জ্বল বা বগা কৰি
with white or shining appearance
- চল্তিcaltiAdjective
প্ৰচলিত; চলিত; সদায় চলি থকা
commonly used; current
- চল্লিশcalliśaNoun
দুকুৰি
forty
- চল্তিsol.tiProper Adj.
সাধাৰণৰূপে ব্যৱহাৰ হৈ থকা; সদায় চলি থকা|
in common use in day to day life.
- চলৎশক্তিcalatśaktiNoun
লৰি-চৰি ফুৰিবৰ শক্তি; উঠি-লৰি ফুৰিব পৰা শক্তি
the power of movement
- চলৰাশিso.lo.ra.xiAbstract Noun
যি ৰাশিৰ মান পৰিবৰ্তন হৈ থাকে
a quantity or function whose value can change
- চশমাMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- চহcahaNoun
খেতি কৰা কাৰ্য্য
cultivation
- চহ কৰাsoh ko.raVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহ কৰ্
খেতি কৰ্; হাল-কোৰ বা
to cultivate
- চহ দি
ছহ দি।
- চহ দেsoh deVerb-Trans.
তোষামোদ কৰি বা ভাল লগা কথা কৈ আকৰ্ষিত কৰ্
to attract or tempt by something flattering or desirable
- চহকীcahakīNoun
খেতিয়ক
cultivator
- চহকী হ্sohoki hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- চহলcahalaAdjective
সুগম; যেনে-"চহল বাট"; ; বেয়া বিধৰ; যেনে-"চহল কাপোৰ"
easy ; of inferior quality
- চহলাcahalāNoun
ছলাহ।
- চহলা কৰ্so.ho.la korVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- চহলা মাৰ্
ছলাহ মাৰ্; চহলা- মহলা ছলাহ-মলাহ।
- চহাcahāTransitive verb
চাহ কৰ্; হাল-কোৰ বা
to till; to cultivate
- চহাওঁতাcahāom̐tāNoun
চাহ কৰোঁতা
a man who tilis or cultivates