কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্বেগহীনতাu.dbeg.hi.no.taAbstract Noun
আনৰ আবেগ অনুভৱক অনুভৱ কৰিব নোৱাৰা অৱস্থা ৷
The state or quality of being insensible.
- উদ্বোধudbodhaNoun
বোধৰ উদয়; ; স্মৰণ
awaking ; reminding
- উদ্বোধনudbodhanaNoun
বোধ বা চেতনা-সঞ্চাৰণ; জাগৰণ
inauguration; awaking
- উদ্বোধন কৰ্ud.do`.dhon korVerb-Trans.
কিহবাক দৃষ্টি, জীৱন বা কাৰ্য্যলৈ অনা বা অহা
to come or to bring sth into view, life, or activity
- উদ্বোধনীAdjective
inaugural
- উদ্বোধিতud.do`.dhi.toProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- উদ্বৱত্তudbawattaAdjective
ৰাহি; খৰচ কৰি বাকী থকা ধন
balance
- উদ্বৱত্ত-পত্ৰudbawatta-patraNoun
জমা-খৰচৰ হিছাপ লিখা কাকত
balance-sheet
- উদ্ভটudbhaṭaAdjective
শ্ৰেষ্ঠ; লোক-প্ৰসিদ্ধ
famous
- উদ্ভট কবিতাud.bhot ko.bi.taAbstract Noun
উদ্ভট কবিতা সংস্কৃত সাহিত্য ভাণ্ডাৰৰ অপূৰ্ব এটি ৰত্ন ৷ ই অতি প্ৰাচীন কালৰ পৰাই আৰ্যসকলৰ শ্ৰুতি পৰম্পৰাত চলি আহিছে ৷ কালিদাস, ভৱভূতি, মাঘ, ভাৰৱি, শ্ৰীহৰ্ষ, ভত্তৃহৰি প্ৰভৃতি খ্যাত নামা সকলৰ যিখন হৃদয়ৰ পৰা অপূৰ্ব মহাকাব্য, খণ্ডকাব্য আৰু নাটক প্ৰভৃতি উত্থিত হৈ পৃথিৱীৰ সমস্ত সভ্য জাতিৰ অন্তঃকৰণ অভূতপূৰ্ব আনন্দৰসৰ দ্বাৰা উচ্চাসিত কৰি ৰাখিছে, উদ্ভট শ্লোকো সেই সমুদায় বা তদ্ৰুপ সহৃদয সকলৰ হৃদয়কেন্দ্ৰিক সাময়িক চিন্তাবোৰৰ সুস্বাদু সৌৰভময় ফলস্বৰুপ ৷
A class of old Sanskit poem coming through generation oraly.
- উদ্ভণ্ডudbhaṇḍaAdjective
উৎপতীয়া; দুষ্ট
wicked; outrageous
- উদ্ভণ্ডালিNoun
আমুৰি; আমনি; দুষ্টালি; উপদ্ৰব; বিৰক্তি লগোবা কাৰ্য্য
annoyance; vexation; outrage
- উদ্ভবudbhabaNoun
উৎপত্তি; জন্ম; প্ৰাদুৰ্ভাব
birth; production; rise
- উদ্ভাবকudbhābakaAdjective
উৎপন্নকাৰক
producing; generating
- উদ্ভাবনudbhābanaNoun
নতুনকৈ উলিওবা
invention; a devising
- উদ্ভাবনাudbhābanāNoun
নতুনকৈ উলিওবা
invention; a devising
- উদ্ভাসudbhāsaNoun
দীপ্তি; প্ৰকাশ; ; বিণ. উদ্ভাসিত দীপ্ত; প্ৰকাশিত
radiance; splendour ; shining
- উদ্ভাসনudbhāsanaNoun
আলোকিত কৰা কাৰ্য্য
act of making bright
- উদ্ভাসিতud.bha.xi.toVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- উদ্ভাৱকud.bha.bokCommon Noun
যিয়ে সম্পূৰ্ণ নতুন বস্তু এটা আৱিস্কাৰ কৰে ।
a person who invented sth