কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোপা-টোপেṭopā-ṭopeAdverb
এটোপ এটোপকৈ; এটোপাএটোপাকৈ; ধাৰে নপৰাকৈ; একেৰাহে নপৰাকৈ
in continuous drops; in successive drops
- টোপাটোপেto’.pa.to’.peAdverb
একেৰাহে টোপাল পৰি থকা ৷
in continuous drops.
- টোপালṭopālaNoun
গছৰ পাতৰপৰা এটোপা এটোপাকৈ সৰি পৰা নিয়ৰ বা বৰষুণৰ পানী
rain or dew-drop fallen from the leaves of a tree
- টোপালি পাৰ্to`.pa.li parVerb-Intran.
খাবলৈ পোৱাৰ আশাত মুখৰ ভিতৰত জিভা লৰাই টপ্-টপ্ শব্দ কৰ্
to move the tongue and make a sound in expectation of getting something to eat
- টোপাল্ṭopālIntransitive verb
আশা পালি থাক্
to wait in hopes
- টোপাল্, টোপালি পাৰ্ṭopāl, ṭopāli, pār
খাবৰ ইচ্ছা প্ৰকাশ কৰি জিভাৰে মুখত টপ্টপ্ শব্দ কৰ্; যেনে-"ভাল বস্ত্ত দেখি সি নিলগতে মুখ টোপালিছে বা টোপালি পাৰিছে"
to move the mouth in expectation of getting something to eat
- টোপোলাṭopolāNoun
কাপোৰ বা পাতত সামৰি বন্ধা বস্ত্ত
a bundle; a packet; a parcel
- টোপোলা-কটাṭopolā-kaṭāAdjective
চাৰিওফালে মুকলি; একেলথাৰি হৈ নথকা; আলগ হৈ থকা (হাবি)
isolated; standing unconnected with others
- টোপোলা-গোছṭopolā-gochaNoun
পান্ধোবা কাঁহীৰ দাঁতি গঢ়া হাতুৰী
a kind of hammer
- টোপোলা-টোপলিṭopolā-ṭopaliNoun
টালি-টোপোলা।
- টোপোলা-টোপোলেAdverb
বহুত টোপোলাৰে
in many packets
- টোপোলাটাপলিto`.po`.la.ta.po.liMaterial Noun
নিজৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী একেলগে বন্ধা টোপোলাৰ সমষ্টি৷
with all one's personal property, cloths and other property.
- টোপোৰাṭoporāNoun
খহুৰ দৰে হোবা উঠঙা; মেৰুণ
a small protuberance; a tumer
- টোবোৰাṭoborāNoun
খহুৰ দৰে হোবা উঠঙা; মেৰুণ
a small protuberance; a tumer
- টোমṭomaNoun
বাঁহৰ কাঠী বা তমালেৰে সেৰেঙাকৈ বোবা একপ্ৰকাৰ পাচি
a wicker busket
- টোলṭolaNoun
ঘৰ-বাৰী; ঘৰৰ কেউফালৰ মাটি আৰু ঘৰ
a compound; premises
- টোলোঠাṭoloṭhāNoun
তাঁতৰ কাপোৰ বা দীঘল সূতা সমানকৈ মেৰাই থোবা গোটা, পোন, দীঘল কাঠৰ ডাঙৰ ডাং
one of the beams of a handloom
- টোলোঠা পকাṭoloṭhā, pakāNoun
এবধ বনৰয়া গছৰ ওলপ দীঘলীয়া গুটি
a kind of wild berry
- টোলোঠা- লোবণিNoun
তাঁতৰ দীঘল সূতাৰ বা কাপোৰৰ মূৰৰ শলি সুমাই ধৰিবলৈ টোলোঠাৰ গাত কটা দীঘল লোৰ।
- টোলোঠা-ধৰা জৰীNoun
গাৰি ধৰা জৰী।