কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চলন-ফিৰণAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- চলন-ফুৰণso.lon-phu.ronAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- চলনশক্তিso.lon.xok.tiAbstract Noun
কোনো বস্তুৱে গতিৰ পৰা লাভ কৰা শক্তি। এই শক্তি বস্তুটোৰ ভৰৰ আধাক তাৰ গতিবেগৰ বৰ্গৰে পূৰণ কৰি পোৱা ফলাফলৰ সমান।
The energy possessed by an object because of its motion, equal to one half the mass of the body times the square of its velocity
- চলনশীলso.lon.xilProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- চলন্তcalantaAdjective
গতি-যুক্ত
moving
- চলন্তাcalantāAdjective
লৰাব নোবৰা কোনো দেবতাৰ মূৰ্ত্তিৰ সলনি লৈ ফুৰাবলৈ সাজি লোবা (মূৰ্ত্তি)
(an idol) portable and exhibited in the place of one which cannot be moved from its fixed place
- চলন্তা মাছুলcalantā, māchulaNoun
নৈত উঠি অহা কাঠত জমিদাৰে লগোবা কৰ
royalty on drift timber
- চলন্তিcalantiNoun
চল্তি
use
- চলপত্ৰProper Noun
হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|
Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus.
- চলবলcalabalaAdjective
অস্হিৰ; যাওঁ যাওঁ কৈ থকা; উত্ৰাবল; যেনে -"চলবল কৰি পাব নেদয় ভূমিত" (ৰুক্মিণী-হৰণ)।
- চলবলীয়াcalabalīẏāAdjective
হাত-ভৰি জোকাৰি থকা; চট্ফটীয়া
sprightly; brisk
- চলভাষsol.bhaxMaterial Noun
সহজে হাতত লৈ ফুৰিব পৰা দূৰভাষ যন্ত্ৰ৷
a hand-held mobile radiotelephone for use in an area divided into small sections (cells), each with its own short-range transmitter/receiver
- চলমানso.lo.manProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- চললcalalaVerb
গ'ল; যেনে-"চললি নন্দ-কুমাৰ" (বৰগীত)।
- চলহুcalahuVerb
যোবাঁ; গতি কৰাঁ; যেনে-"উদ্ধব চলহু গোকুল লাই" (বৰগীত)।
- চলাcalāAdjective
চলি থকা; চল্তি; ব্যবহৱত হোবা; যেনে-"এইটকা ৰূপ নচলা হ'ল; মানুহ চলা বাট"
current; used
- চলা চলাকৈ এৰুৱাso.la so.la.koi e.ru.waVerb-Trans.
চলিকৈ বা সৰু সৰু টুকুৰাকৈ এৰুৱা/কাট্ ৷
to break into splinters.
- চলাই থাক্solai thakVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- চলাগুটিয়াcalāguṭiẏāNoun
মুই শাক
a kind of medicinal herb
- চলাচলcalācalaAdjective
এচলা এচলা হোবা; ইয়াত এচলা তাত এচলা থকা
reduced or separated into flat pieces