কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাতিনীna.ti.niCommon Noun
নিজ সন্তান (ল`ৰা বা ছোৱালী)ৰ জী।
A daughter of one`s son or daughter.
- নাতিপুতিna.ti.pu.tiCommon Noun
নাতি আৰু অন্যান্য সন্তান, বংশৰ পাচলৈ বাঢ়ি যোৱা লোকবিলাক৷
all of the offspring of a given progenitor.
- নাতিশীতোষ্ণna.ti.xi.to’s.noProper Adj.
অতি গৰম বা অতি ঠাণ্ডা নোহোৱা পৰিৱেশ ।
A moderate climate where there is neither so much hot nor so much cold.
- নাথnāthaNoun
গৰাকী; প্ৰভু; ৰক্ষক; স্বামী
lord; master; protector; a husband
- নাথনি
মেৰাই মেৰাই দিয়া বান্ধ; ছাটনি
a fastening together by taking the rope round and round several times
- নাথান ব্ৰাউনna.than bra.unProper Noun
এগৰাকী আমেৰিকান বেপ্টিষ্ট মিচনাৰী (২২ জুন ১৮০৭ - ১ জানুৱাৰী ১৮৮৬), আমেৰিকাৰ দাসপ্ৰথা বিৰোধক আৰু অনুবাদক আছিল৷ তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান৷ তেখেতে অসমীয়া ভাষা, অসমীয়া ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি গৈছে৷ শিৱসাগৰত অৱস্থান কৰি তেখেতে আত্মাৰাম শৰ্মাৰ সহযোগত আমাৰ ত্ৰাণকৰ্তা যিশুখ্ৰীষ্টৰ নতুন নিয়ম নামেৰে বাইবেলৰ নিউ টেষ্টামেন্টৰ অসমীয়া অনুবাদ তথা প্ৰথম অসমীয়া ছপা কিতাপ প্ৰকাশ কৰিছিল৷
An American Baptist (22 June 1807 – 1 January 1886) missionary to India and Japan, Bible translator, and abolitionist. He is noted for his works on Assamese language, grammar and script.
- নাথুকাৰna.thu.karAbstract Noun
Disagreeing the truth or existence of a thing
- নাথুকাৰ কৰ্nāthukāra, kar
নুই কৰ্; নাই-নুই কৰ্; অস্বীকাৰ কৰ্
to deny
- নাথুকাৰ কৰ্na.thu.kar korVerb-Trans.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
- নাথ্nāthTransitive verb
হাট্; কেইবামেৰো দি বান্ধ্ (খুঁটা, চতি, মাৰলী আদি)
to tie together taking the rope round several times
- নাথৱতীna.tho.wo.tiProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- নাথৱন্তna.tho.won.toProper Adj.
অইনৰ অধীন বা লোকৰ সহায় সহযোগত জীয়াই থকা৷
Unable to exist without support from something else.
- নাদnādaNoun
ডাঙৰ শব্দ; গৰ্জ্জন
a loud sound
- নাদনীnādanīNoun
ৰৌ জাতিৰ আৰু সেই নিচিনা এবিধ বৰ ডাঙৰ মাছ
a kind of large fish; Labeo nandina
- নাদানিnādāniNoun
পৰ্ব্বতৰ চাপৰ অংশ; . পৰ্ব্বতৰ ওচৰত থকা সমান ঠাই
the slope or lower part of a hill or mountain ; a plain near the hills
- নাদিৰna.dirProper Adj.
যিটো পাবলৈ টান তেনে কোনো সম্পদ |
Not widely known; especially valued for its uncommonness.
- নাদোৰ্nādorIntransitive verb
সাঁতোৰ্; পানীত সাঁতুৰি ধেমালি কৰ্
to swim for pleasure
- নাদৰ ভেকুলীnādara, bhekulīNoun
চুক-ভেকুলী; নিজ ঘৰ বা গাঁবতে সোমাই থকা মানুহ; অজ্ঞ লোক
one without the least experience of the outside world
- নাদৰা-দৰাnādarā-darāNoun
আদৰি ননা দৰা; নমতাকৈ অহা মানুহ বা অতিথি,
an unwelcome visitor
- নানকাৰnānakāraNoun
কোনো ভাল কামৰ বঁটা-স্বৰূপে দান দিয়া নিষ্কৰ মাটি
a rent-free land given for service rendered