কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাদুৰিda.du.riCommon Noun
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.
- দাদুৰীdādurīNoun
বেং; ভেকোলা
a frog
- দাদূৰিdādūriNoun
বেং; ভেকোলা
a frog
- দাদৰাdādarāAdjective
কঠুবা; টান (মাছ)
tough
- দাদৰা তালdad.ra talProper Noun
ভাৰতীয় উচ্চাংগ আৰু লঘু সংগীতত ব্যৱহাৰ হোৱা ছয় মাত্ৰাৰ তাল৷
a taal of six beats used in Indian classical and light music.
- দাদৰিdādariNoun
প্ৰহাৰ কৰা, নষ্ট কৰা, মৰিওবা; . "লগাইলেক গই তালফলত দাদৰি" (দশম)। "ৰাবণৰ মধুবনে লগাইলো দাদৰি" (মা. ক., সুন্দৰাকাণ্ড)।
the act of beating or breaking
- দাদৰি-খোবাdādari-khobāAdjective
প্ৰহৱত হোবা; শাও খোবা
cursed
- দাধৰাda.dho.raAbstract Noun
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
A post in Ahom Kingdom. Now, a title.
- দানdānaNoun
দিয়া কাৰ্য্য; প্ৰদান
the act of giving
- দান কাট্dāna, kāṭ
বেপাৰীৰপৰা কৰ ল
to levy duty on a trader
- দান কৰ্Verb-Trans.
to give (money or goods) for a good cause, for example to a charity.
- দান পাত্ৰdan pa.troMaterial Noun
টকা-পইচা দানৰূপে জমা দিবলৈ আছুতীয়াকৈ ৰখা বাকচ
a box kept aside for depositing monetory donations
- দান- পত্ৰ
ধন-বস্ত্ত দান কৰি লিখি দিয়া পত্ৰ
a deed of gift
- দান-মানdāna-mānaNoun
বেয়াভাবে দিয়া বা কৰা কাৰ্য্য; আখটি
act of giving or doing a thing in a vexatious manner; vexation
- দান-সাগৰNoun
এখন স্মৱতিশাস্ত্ৰ।
- দানবdānabaNoun
কশ্যপৰ ভাৰ্য্যা দনুৰ পুতেক; দৈত্য; অসুৰ
a demon; a Titan
- দানব-দলনীNoun
মহামায়া; দুৰ্গা; পাৰ্ব্বতী।
- দানবীয়da.no.bi.yoProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- দানবীৰdānabīraAdjective
দানী; দান কৰা গুণ বা স্বভাব থকা
liberal; charitable
- দানশীলdānaśīlaAdjective
দানী; দান কৰা গুণ বা স্বভাব থকা
liberal; charitable