কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্গিৰণudgiraṇaNoun
পেটৰপৰা আহাৰ উলিওবা বা বঁতিওবা কাৰ্য্য
the act of vomitting
- উদ্গৰণি লগাই, উদ্গিৰণি লগাইudgaraṇi, lagāi, udgiraṇi, lagāiAdverb
উগাৰি উগাৰি; টেঁটুৰ গুৰিলৈকে; বাঁতি আহিব লগীয়াকৈ; পেট ওপচাই (খোবা)
by overloading (the stomach); by stuffing
- উদ্ঘাটনudghāṭanaNoun
মুকলি কৰা কাৰ্য্য; উন্মোচন।
- উদ্জানudjānaNoun
জলজান [অম্লজানৰ লগত যোগ হৈ পানী জন্মোবা এবিধ বাষ্পমান বস্ত্ত; ইয়াৰ দুভাগ আৰু অম্লজানৰ এভাগ লগ লাগি পানী উৎপন্ন হয়]
hydrogen
- উদ্দানMaterial Noun
তপিনা আৰু পিঠিৰ মাজৰ ভাগ।
The part of the body above and slightly narrower than the hips.
- উদ্দামuddāmaAdjective
মুকলি; বন্ধনৰপৰা মুক্ত; উচ্ছৱঙ্খল
unrestrained; free
- উদ্দালকuddālakaNoun
এজন মুনি; শ্বতকেতু মুনিৰ পিতৱ; যেনে-"তাক দেখি উদ্দালকে ত্যআগিলা পুত্ৰক" (শান্তিপৰ্ব্ব)।
- উদ্দীপকuddīpakaAdjective
উত্তেজনাকাৰক; জলাওঁতা; প্ৰবল-কাৰক
exciting; inflaming
- উদ্দীপনuddīpanaNoun
উত্তেজনা বা জলোবা কাৰ্য্য; প্ৰবল কৰা কাৰ্য্য
a kindling or exciting
- উদ্দীপনাud.di.po.naAbstract Noun
কোনো বিষয় বা কাৰণ সম্পৰ্কে অতিশয় আগ্ৰহ বা উত্তেজনা।
Great excitement for or interest in a subject or cause.
- উদ্দীপ্তuddīptaAdjective
বৰকৈ জ্বলি বা প্ৰবল হৈ উঠা
excited; inflamed
- উদ্দীপ্তিud.dip.tiAbstract Noun
পোহৰেৰে ভৰি থকা অৱস্থা
the state of being full of light
- উদ্দীষ্টud.dis.toVerbal Adj.
যিটো হ’ব লাগে বা কৰিব লাগে বুলি ভৱা হয়
anything which is desired
- উদ্দেশuddeśaNoun
উম্ঘাম্; উবাদিহ; সন্ধান
a clue; something serving as guide or direction
- উদ্দেশেuddeśeAdverb
উপলক্ষে; কাৰণে; নিমিত্তে
towards; for the purpose of
- উদ্দেশ্যuddeśyaNoun
লক্ষ্য; অভিপ্ৰায়; কাৰণ
purpose; design; aim
- উদ্দেশ্য-প্ৰণোদিতud.de.syo-pro.no`.di.toProper Adj.
এটা নিৰ্দ্দিষ্ট উদ্দেশ্য আগত ৰাখি কৰা
having a definite purpose in view
- উদ্দেশ্য-প্ৰণোদিতভাৱেud.de.syo-pro.no`.di.to.bha.beAdverb
এটা নিৰ্দ্দিষ্ট উদ্দেশ্য পূৰণৰ অৰ্থে।
with a definite purpose in view.
- উদ্দেশ্যবিহীনud.des.so.bi.hinAbstract Noun
নিৰ্দিষ্ট কোনো উদ্দেশ্য নথকা |
Without certain specific aim.
- উদ্দেশ্যেAdposition
কিবা পাবলৈ অথবা উদ্দ্যেশ্য লৈ অথবা তাৰ সপক্ষে ৷
In favour of; because of.