কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লক্ষ্মীৱানProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- লক্ষ্যlakṣyaNoun
যি বস্ত্ত বা চিনলৈ পোনাই অস্ত্ৰ প্ৰহাৰ কৰা যায়
target; a mark to be shot at
- লক্ষ্য কৰ্lo.khyo korVerb-Trans.
চকুৰে নিৰীক্ষণ কৰ্
to intentionally bring sth in visual contact
- লক্ষ্যনীয়lo.khyo.ni.yoProper Adj.
আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু স্পষ্ট৷
most prominent or important
- লক্ষ্যবস্তুlo.khyo.bo``s.tuAbstract Noun
কোনোৱে পাবলৈ বা অৰ্জন কৰিবলৈ বিছৰা বস্তু, স্থান বা অৱস্থা।
the object, place or condition that one wants to reach or achieve.
- লক্ষ্যভ্ৰষ্টlo.khyo.bhros.toVerbal Adj.
নিজ লক্ষ্য বা উদ্দেশ্যৰ পৰা পতিত হোৱা বা আঁতৰি অহা
caused to fail or became deflected from a purpose
- লক্ষ্যভ্ৰষ্ট হlo.khyo.bhros.to hoVerb-Trans.
To go away from designated path.
- লক্ষ্যস্থলlo.khyo.stholAbstract Noun
কোনোৱে পাবলৈ বা অৰ্জন কৰিবলৈ বিছৰা বস্তু, স্থান বা অৱস্থা।
the object, place or condition that one wants to reach or achieve.
- লক্ষ্যস্থানlo.khyo.sthanAbstract Noun
কোনো যাত্ৰাৰ অন্তত উপস্থিত হব লগা স্থান; কোনো কাৰ্যৰ অন্তিম লক্ষ
the place designated as the end, The ultimate goal for which something is done
- লক্ষ্যহীনlo.khyo.hinProper Adj.
কোনো কাম কৰোঁতে দিশ বা লক্ষ্য বিছাৰি নোপোৱা
unable to find direction or goal while doing something
- লকয়াlakaẏāNoun
কুকুৰনেচীয়া বাঘ।
- লকৰ-থকৰlakara-thakaraNoun
থৰক-বৰক; লৰক-ফৰক; লৰচৰ আৰু অস্হিৰ হোবা
unsteady; nor firm
- লকৰ-পকৰlakara-pakaraAdjective
অনিশ্চয়; অঠিক (কথা)
uncertain; unreliable
- লকৰিlakariNoun
দৈ গাখীৰৰ সৰ পগাই ঘিউ উলিয়ালে তাৰ তলত পৰা গেদ
the refuse of cream from which ghee has been extracted by boiling
- লক্লকাVerb-Trans.
(লোভত জিভা) লৰাই শব্দ কৰি থাক্
to move (the tongue in greed) and make a sound
- লখlakhaNoun
অতি অলপ বস্ত্ত; কোনো বস্ত্তৰ চিনমাত্ৰ
a very small portion of anything; the small remnant of anything
- লখাইlakhāiNoun
"লখিন্দৰ" চোবঁ।
- লখিন্দৰlakhindaraNoun
চান্দ সদাগৰৰ পুতেক; বেউলাৰ স্বামী
the son of the merchant Chāndo
- লখিমপুৰProper Noun
লখিমপুৰ বা লক্ষীমপুৰ হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ ইয়াৰ চাৰিসীমা হ’ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা৷ জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ৷
Lakhimpur is an administrative district in the state of Assam in India. The district headquarters are located at North Lakhimpur.
- লখিমীlakhimīNoun
"লক্ষ্মী" শব্দৰ কোমৰ ৰূপ।