কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঢ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঢাক-ঢুকNoun
কথাৰ টিপ-টাপ; লুকা-লুকি; ভালকৈ প্ৰকাশ নকৰা
act of partially concealing the facts; want of straight forwardness
- ঢাক-ঢোলMaterial Noun
দুৰ্গা পূজাৰ সময়ত বজোৱা ঢোলৰ আকৃতিৰ এবিধ বাদ্যযন্ত্ৰ ৷
The dhak is a percussion instrument similar to other two-sided drums in India. this instrument used in the time of Durga Puja.
- ঢাকনNoun
আচ্ছাদন; সাঁফৰ
a cover; a lid
- ঢাকনিNoun
আচ্ছাদন; সাঁফৰ
a cover; a lid
- ঢাকনীdha.ko.niMaterial Noun
কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
a cover of a vessel or box
- ঢাকলিḍhākaliNoun
ফাকি; প্ৰবঞ্চনা; আচল বা সঁচা কথা ঢকা বা প্ৰকাশ নকৰা কাৰ্য্য; যেনে-"ঊষা বোলে সখী তোৰ বুজিলো ঢাকলি" (কুমৰ-হৰণ)।
- ঢাকাProper Noun
বাংলাদেশৰ ৰাজধানী চহৰ৷
The capital city of Bangladesh
- ঢাকি ধৰ্dha.ki dhorVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
- ঢাকুৰ্ḍhākurTransitive verb
বুকুত ঢকিয়া বা চপৰিয়া
to beat on the breast
- ঢাকোনMaterial Noun
কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
a cover of a vessel or box
- ঢাক্ḍhākTransitive verb
আঁৰ দি বা কৰ্; আচ্ছাদন কৰ্; লুকুবা; গুপ্ত কৰ্; ঢাকি ৰাখ্
to cover; to hide; to screen
- ঢাট কপালdhat ko.palAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- ঢাট-কপলীয়াdhat-ko.po.li.yaProper Adj.
যাৰ ভাগ্য বেয়া
one who suffers bad luck
- ঢাটকপালḍhāṭakapālaNoun
দুৰ্কপাল
ill luck
- ঢাণ্ডীḍhāṇḍīAdjective
ধাদহী; শকত-আবত ঘূৰি ফুৰা তিৰোতা।
- ঢাত কপালdhat ko.palAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- ঢাপḍhāpaNoun
আটীয়া; বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়
an embankment or wall of earth
- ঢাপত গজাAdjective
এনেই গজা বা হোবা, জোহৰাৰ দৰে; খিলঞ্জীয়া নোহোবা (মানুহ)
a term of ridicule applied to a person of doubtful origin
- ঢাপলিḍhāpaliNoun
চেকুৰ; বৰ বেগাই মৰা লৰ
the running of an animal
- ঢাপলি মেলdha.po.li melVerb-Intran.
দীঘল বেঙা মেলি দৌৰা৷
to run, move with easy, long steps.