কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খগেন্দ্ৰkhagendraNoun
গৰুড়।
- খগেন্দ্ৰধ্বজProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- খগেশ্বৰProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- খগোলkho.go`lAbstract Noun
পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰৰ ভৌতিক জগতখনৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন।
The science of exploring and explaining the physical world beyond the earths atmosphere.
- খগোল বিদ্যাkho.go`l bi.dyaAbstract Noun
পৃথিৱীৰ বায়ুমণ্ডলৰ বাহিৰৰ ভৌতিক জগতখনৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়ন।
The science of exploring and explaining the physical world beyond the earths atmosphere.
- খগোলকkho.go`.lokAbstract Noun
পৃথিৱীৰ কেন্দ্ৰকে কেন্দ্ৰ বুলি ধৰি যি কাল্পনিক গোলক অঁকা হয় আৰু য’ত সকলো নক্ষত্ৰ স্থিৰ হৈ থকা যেন লাগে৷
The imaginary sphere with the center coinciding with the center of the Earth, where all the celestial bodies appear to contain.
- খগৰাজkhog.rajProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- খগৱতীMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- খঙত অগ্নিশৰ্মা হkho.ngot og.ni.xor.ma hoVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- খঙালkhaṅālaAdjective
খংযুক্ত; অলপতে বা স্বভাবতে খং উঠা; স্বভাবতে ক্ৰোধী
of an angry or ill temper
- খঙীয়াkhaṅīẏāNoun
আহোম ৰজাৰ এজনা মাদৈ প্ৰবৰ্ত্তিবৰ কাৰণে সুকীয়াকৈ দিয়া এখন মেলৰ নাম; ৰাজমাওৰ মেলৰ মানুহ
the name of an estate assigned to the services of the queen-mother of an Ahom king
- খঙীয়া ফুকন, খঙ্গীয়া ফুকন
খঙীয়া মেলৰ প্ৰধান বিষয়া
the chief officer of the Khangiya estate
- খঙীয়া বৰুবা, খঙ্গীয়া বৰুবা
খঙীয়া মেলৰ বৰুবা
a subordinate officer of the Khangiya estate
- খঙ্গkhaṅgaNoun
কোপ; ক্ৰোধ; ৰোষ
anger; rage
- খঙ্গালkhaṅgālaAdjective
খংযুক্ত; অলপতে বা স্বভাবতে খং উঠা; স্বভাবতে ক্ৰোধী
of an angry or ill temper
- খঙ্গীয়াkhaṅgīẏāNoun
আহোম ৰজাৰ এজনা মাদৈ প্ৰবৰ্ত্তিবৰ কাৰণে সুকীয়াকৈ দিয়া এখন মেলৰ নাম; ৰাজমাওৰ মেলৰ মানুহ
the name of an estate assigned to the services of the queen-mother of an Ahom king
- খঙৰাkhaṅarāNoun
মুগা-ৰখীয়াই বাটলু-গুটি ৰখা বাহৰ দুই মূৰ বন্ধ বা মৰা আৰু পেটত বাটলু-গুটি ভৰাবলৈ বাট থকা খঁৰা বিশেষ
a round bamboo basket with an opening on the side for keeping bow pellets
- খচ খচীয়াAdjective
মোহাৰিলে বালিৰ দৰে লগা, গতিকে মিহি হৈ গুড়ি নোহোবা; খৰচীয়া
not finely powdered
- খচকনিNoun; Adjective
খচকা।
- খচকাkhacakāTransitive verb
খচা; গচকা; গৰকা; আনৰ হতুবাই ভবিৰে মোহৰা
to cause to be trampled