কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁচোৰা-আঁচুৰিNoun
এটাই আনটোক আঁচোৰা কাৰ্য্য
the act of scratching one another
- আঁছুৰাām̐churāAdjective
শীৰাবলৈ নিদিয়া (গাই); চেঙা
restive; not quiet
- আঁজনিām̐janiNoun
আচিনাই; আজিনাই।
- আঁজলিām̐jaliNoun
অঞ্জলি
a cavity formed by joining the palms of the two hands
- আঁজুৰি আন্a~.ju.ri anVerb-Intran.
কাৰোবাৰ পৰা বলেৰে কোনো বস্তু লৈ ল।
to take something away from a person with force.
- আঁজুৰি লa~.ju.ri loVerb-Intran.
কাৰোবাৰ পৰা বলেৰে কোনো বস্তু লৈ ল।
to take something away from a person with force.
- আঁজোৰām̐joraNoun
বলেৰে বেগাই মৰা টান; চোঁত কৰে মৰা টান
a short and sudden pull
- আঁজোৰ মাৰ্a~.jo’r marVerb-Trans.
হঠাৎ টান মাৰ্
suddenly give a pull
- আঁজোৰ-পিঁজোৰNoun
অনেকবাৰ মৰা টান, টনা- আঁজোৰা
successive pulls and counter-pulls
- আঁজোৰা-আঁজুৰিNoun
এটাই আনটোক টনা কাৰ্য্য; টনাটনি; পৰস্পৰক কৰা টনাটনি
pulling one another; a struggle
- আঁজোৰ্Transitive verb
চোঁত কৰে টান মাৰ্
to pull suddenly
- আঁজোৰ্a~.jo`rVerb-Intran.
কাৰোবাৰ পৰা বলেৰে কোনো বস্তু লৈ ল।
to take something away from a person with force.
- আঁটকালām̐ṭakālaNoun
উমান; গম; সঁহাৰি; শব্দ শুনি কোনো জন্ত্ত বা মানুহ ওচৰলৈ অহাৰ বোধ
a slight notice on conjecture formed from sound etc.
- আঁটকাল পাa~t.kal paVerb-Intran.
(কোনো বিষয়ে) অলপ অলপ জান্ বা অনুভৱ কৰ্
to feel slightly or to have a little knowledge of (something)
- আঁটনNoun
যিমান লাগে সিমান হবন; যথেষ্ট হবন
the act of being sufficient
- আঁটাকল ল
গম ল; অনুমান কৰ্।
- আঁটিām̐ṭiNoun
কনা; মুঠা; সৰু আৰু দীঘলীয়া গোটা বস্ত্ত গোটাই আটি বা টানি বন্ধা মুঠি; লাহী পোলা
a bundle
- আঁট্ām̐ṭTransitive verb
যিমান লাগে সিমান হ; যেনে-পেটক আঁটে, চকুক নাটে
to suffice for; to be enough for
- আঁঠিām̐ṭhiNoun
গছৰ ফলৰ শাঁহ
the stone of a fruit
- আঁঠুām̐ṭhuNoun
টপিনা আৰু কলাফুলৰ মাজৰ হাড়ৰ জোৰা বা গাঁঠি; জানু
the knee; the knee; joint