কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধোঁৱা চাংdho’~.wa sangMaterial Noun
সাধাৰণতে পাক ঘৰত জুহালৰ ওপৰ ভাগত প্ৰয়োজনীয় বস্তু থবৰ বাবে ব্যবহ্যত চাং৷ এনেধৰণে বস্তু থলে পোক পৰুৱাৰ পৰা বচাই ৰাখিব পাৰি আৰু বস্তু সেমেকি নাযায় |
A platform made of bamboo above the oven in a traditional kitchen to keep things warm and dry.
- ধোঁৱা-কোঁৱাdho`~.wa-ko`~.waProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধোঁৱা-ধূঁইdho`~wa-dhu~iProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধোঁৱা-ধূসৰিতdho`~.wa-dhu.xo.ri.toProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- ধোঁৱা-নলীdho`~.wa-no.liMaterial Noun
ধোঁৱা বা তপত বায়ু ওলাই যাবলৈ লগোৱা দীঘল চুঙা৷
a structure through which smoke or steam is carried up away froma fire.
- ধোঁৱা-বৰণdho`~wa-bo.ronAbstract Noun
ক’লা আৰু বগা মিহলি হৈ হোৰা ৰং; মটীয়া বগা ৰং |
Of an achromatic colour of any lightness intermediate between the extremes of white and black; smoke like colour.
- ধোঁৱাখুলীয়াdho`~.wa.khu.li.yaCommon Noun
অতিপাত টকা-পইচা খৰচ কৰা বা অপচয় কৰা লোক
a person who spends too much money or who wastes money
- ধোঁৱাখোৱাdho`~.wa.kho`.waMaterial Noun
এডাল দীঘল নলীযুক্ত ধঁপাত খোৱা এবিধ সঁজুলি, য`ত ধোঁৱা পানীৰ মাজেদি পাৰ কৰি চেঁচা কৰা হয়।
An oriental tobacco pipe with a long flexible tube connected to a container where the smoke is cooled by passing through water.
- ধোঁৱাবৰণীয়াdho`~.wa.bo.ro.ni.yaProper Adj.
ধোঁৱাৰ দৰে বৰণ যাৰ
dull or brownish gray in color
- ধোওঁতাdho’.o’~.taCommon Noun
One who washes dishes, clothes etc.
- ধোচাdho`.saMaterial Noun
কিণ্বন কৰা চাউলৰ গুৰি আৰু উৰদ দাইলেৰে বনোৱা এটা দীঘল দক্ষিণ ভাৰতীয় পিঠা৷ ইয়াৰ ভিতৰত আলু, মছলা, পনীৰ আৰু আন পাছলিৰ টুকুৰা আদিও সুমুৱাই দিয়া হয়৷
a South Indian fermented crepe or pancake made from rice batter and urad dal. Its variants include masala dosa, rawa dosa, paneer dosa etc.
- ধোদdhodaNoun
বৰ এলেহুবা মানুহ; বন-বাৰি নকৰি বহি থকা মানুহ
a sluggard
- ধোদাঙdhodāṅaAdjective
শকত আৰু গদহা
stout and heavy
- ধোদামিdho`.da.miAbstract Noun
কাম কৰিবলৈ অনিচ্ছা হোৱা গুণ|
The property of being lazy and inactive
- ধোদামীdho`.da.miAbstract Noun
কামৰ প্ৰতি অনিহা বা কাম নকৰাৰ মানসিকতা৷
disinclination to work or exert oneself.
- ধোদোঙাdhodoṅāAdjective
শকত আৰু গদহা
stout and heavy
- ধোদৰ আলিdhodara, āli
গদাধৰ ৰজাৰ দিনত শিবসাগৰ জিলাত ধোদৰ হতুবাই বন্ধোবা এটা আলৰ নাম।
- ধোদৰ পচলাdho`.dor po.so.laProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- ধোদৰ পছলাdhodara, pachalāNoun
এলেহুবা আৰু অকামিলা মানুহ।
- ধোন্দdhondaNoun
ৰোগ বা আন কোনো কাৰণৰ গতিকে কাঠৰ ভিতৰত হোবা বিন্ধা বা খোৰোং
a hollow of a tree