কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সণ্ঢালনীয়াxon.dha.lo.niyaProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- সতsataNoun
চন্দন কাঠৰপৰা তৈয়াৰ কৰা এবিধ সুগন্ধি বস্ত্ত
a kind of perfume extracted form sandal wood
- সতকাইsatakāiAdverb
বেগতে; শীঘ্ৰে
instantly; quickly
- সততsatataAdverb
সততে।
- সততাxo.to.taAbstract Noun
সত্য পথত থকা আৰু বিশ্বাসী
the state of being truthful and loyal
- সততাইsatatāiAdverb
সততে।
- সততাৰেxo.to.ta.reAdverb
সাধুতাৰে সৈতে বা কোনো কৃত্ৰিমতা নোহোৱাকৈ
in an honest manner
- সততেsatateAdverb
সদায়; সৰ্ব্বদা
always
- সতসতাsatasatāIntransitive verb
চট্চটা
- সতসৰ্বহxo.to.xor.bohAbstract Noun
বহু বস্তুৰ সকলোবোৰ
all of a collection of many
- সতসৰ্ব্বহsatasarbbahaNoun
কোনো লোকৰ সকলো সম্পত্তি; সৰ্ব্ব সম্পত্তি; সৰ্ব্বস্ব; সকলো আধিপত্য আৰু ধন- বস্ত্ত
all one's rights and possession
- সতাsatāNoun
লালীকৈ দিয়া বৰষুণৰ কাল
a spell of continuous rain
- সতাঁৰxo.ta~rProper Adj.
পৰস্পৰ সংযোজিত কম্পিউটাৰৰ সমষ্টি বা ইণ্টাৰনেটৰ লগত পোনপটীয়া সংযোগেৰে কাম কৰা বা সেৱা আগবঢ়োৱা৷
connected by computer to one or more other computers or networks, as through a commercial electronic information service or the Internet.
- সতাসত্য নিৰূপণ কৰxo.ta.xo.tyo ni.ru.pon korVerb-Trans.
কিবা কথা, তথ্য আদি সঁচা হয়নে নহয় ঠিৰ কৰা৷
to check, find out the truth or authenticity of something.
- সতি-সন্ততিsati-santatiNoun
পো-জী; ল'ৰা- হোবালী; নাতি-পুতি; পো-নাতি
children; offspring; progency
- সতি-সন্তানsati-santānaNoun
পো-জী; ল'ৰা- হোবালী; নাতি-পুতি; পো-নাতি
children; offspring; progency
- সতিনীsatinīNoun
নিজ স্বামীৰ আন এজনা ভাৰ্য্যা
husband's co-wife
- সতিনী- চুলিNoun
কপালত দীঘল চুলিৰ লগত ওলমি থকা চুটি চুলি বা নোম
the fine and small superfluous hair on the fore-head of a woman
- সতিনী-খূঁটিNoun
যঁতৰৰ মাল বা বটীয়াডাল ঢাকৰিৰপৰা খহি নপৰিবৰ কাৰণে সাঁকো-মাৰিত থিয়কৈ মাৰি দিয়া মাৰি বা খূঁটি।
- সতিনী-মাৰিNoun
যঁতৰৰ মাল বা বটীয়াডাল ঢাকৰিৰপৰা খহি নপৰিবৰ কাৰণে সাঁকো-মাৰিত থিয়কৈ মাৰি দিয়া মাৰি বা খূঁটি।