কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পথৰুদ্ধpo.tho.rud.dhoVerbal Noun
কোনো অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাকৈ আইনগতভাৱে সম্পূৰ্ণ বন্ধ কৰা কাৰ্য্য ৷
to block (an entrance, area, etc.) completely so as to prevent escape or entrance by the law.
- পথৰুবাpatharubāAdjective
পথাৰত কাম কৰা
working in a cornfield
- পথৰুবা-বিহলঙনিpatharubā-bihalaṅaniNoun
"বিহলঙনি" চোবাঁ।
- পথৰুৱাpo.tho.ru.waProper Adj.
পথাৰত কাম কৰা অথবা পথাৰত উত্পন্ন হোৱা বা গজা
working in a cornfield or growing or produced in a cornfield
- পদpadaNoun
ভৰি
a foot
- পদ চিকিৎসাpod si.kit.saVerbal Noun
মানুহৰ ভৰিৰ যত্ন আৰু ভৰিৰ ৰোগৰ চিকিৎসা বিদ্যা ৷
The work to take care and treatment of people's feet
- পদ বিন্দুProper Noun
আকাশখনক তলে-ওপৰে ব্যাপি থকা বুলি ধৰি আমাৰ ভৰিৰ ঠিক তলত থকা আকাশৰ বিন্দু বা ঠাই ৷
A point on the celestial sphere directly below the observer, diametrically opposite the zenith.
- পদ-দলিতpo.do-do.li.toProper Adj.
শাৰীৰিক আৰু মানসিক ভাৱে কষ্ট পোৱা ৷
burdened psychologically or mentally.
- পদ-মৰ্দ্দনpo.do-mor.donAbstract Noun
ভৰিত চুই সেৱা কৰা; হাতেৰে ভৰি পিটিকা কাৰ্য্য
saluting at the feet; rubbing the legs with the hand.
- পদ-সেবাpada-sebāNoun
ভৰি পিটিকা কাৰ্য্য
the act of pressing the feet and the legs
- পদকpadakaNoun
গৌৰবৰ নিদৰ্শন-স্বৰূপে নিয়া একখণ্ড ধাতুৰ পুৰস্কাৰ; মোহৰ
a medal
- পদকধাৰীProper Adj.
যি কোনো মেডেল বা পদক পাইছে
One who received a medal
- পদকপ্ৰাপ্তProper Adj.
যি কোনো মেডেল বা পদক পাইছে
One who received a medal
- পদকাৰNoun
বিবিধ ছন্দত লিখা বাক্য বা পদসমূহৰ ৰচক।
- পদকীয়াpo.do.kiyaCommon Noun
যাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে ।
a person who is on trial for committing a crime.
- পদক্ষেপpo.do.khyepAbstract Noun
লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে লোৱা এটা খোজ
a movement initiated in order to accomplish a goal
- পদগামীpo.do.ga.miCommon Noun
খোজ কাঢ়ি ফুৰা বা ভ্ৰমণ কৰা লোক
a person who goes or travels on foot
- পদগৌৰবNoun
উচ্চ পদবীৰ বাবে হোবা গৰিমা বা অহঙ্কাৰ।
- পদচিহ্নpod.sih.noProper Noun
মাটি, বালি অথবা আন তেনে কোনো ঠাইত ৰৈ যোৱা ভৰিৰ খোজৰ চিন |
The impression or mark of a foot or shoe on a surface.
- পদচ্যুতpadacyutaNoun
বিষয় কাঢ়ি লোবা; বিষয়ৰপৰা আঁতৰ কৰা
dismissed from a post