কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধেমচি শাকdhe.mo.si xakProper Noun
হিমালয়ৰ পাদদেশত আৰু হিমালয়ত খুব খেতি কৰে, ইয়াৰ পাত পাচলিৰ নিচিনা খাব পাৰি, কেচায়ো খাব পাৰি, ইয়াত ৰুটিন পদাৰ্থ থকাৰ বাবে স্বাস্থ্য কৰ, গুটি কেচাই বা ৰান্ধি খাব পাৰি, গুটি ৰাতি পানীত ভিজাই ৰাখি, গাজ ওলিয়াই চালাড হিচাবে খাব পাৰি, ইয়াক খুন্দি গুৰি কৰি, পিঠা, নুদুল, ব্ৰেড, বা অন্য হিচাপে খাব পাৰে, ইয়াৰ গুৰি চাবোন বনাবলৈকো ব্যৱহাৰ কৰে৷ ভিটামিন বি ৬ সমৃদ্ধ ইয়াৰ গুৰিৰ পৰা উকৃষ্ট বিয়েৰ বনাব পাৰি।
Buckwheat is a plant cultivated for its grain-like seeds, and also used as a cover crop. To distinguish it from a related species, Fagopyrum tataricum that is also cultivated as a grain in the Himalayas.
- ধেমনাdhemanāNoun
নিয়মমতে বিয়া নকৰা বা বাটলু তিৰী ৰখা মতা; ধেমনী ৰখা মতা; বটলা।
- ধেমনীdhemanīNoun
বিয়া নকৰাকৈ চপাই লোবা তিৰোতা
a mistress
- ধেমাMaterial Noun
পানী থোৱা বহল মুখৰ টিন বা প্লাষ্টিকৰ পাত্ৰ |
A round open container with a handle for carrying or drawing water
- ধেমাজিProper Noun
ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা৷ ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ৷
Dhemaji district is an administrative district in the state of Assam in India. The district headquarters are located at Dhemaji.
- ধেমাধৰাdhe.ma.dho.raCommon Noun
ব্যক্তিগত লাভালাভৰ আশাত আনৰ পিছে পিছে ঘূৰি ফুৰা লোক
a person who attaches himself or herself to another person in the hope or expectation of personal gain
- ধেমালিdhemāliNoun
খেল; ক্ৰীড়া; ৰং লগোবা কৰ্ম্ম
play; sport
- ধেমালিকৈdhe.ma.li.koiAdverb
in a way which is intended to be funny.
- ধেমেলীয়াAdjective
ধেমালিযুক্ত; ৰঙিয়াল; খেলা কৰা
sportive
- ধেল-পোঙা খা
চকু লুটি খাই আধা মৰা হ
to become almost dead with the eyes turned up
- ধেলধেলীয়াdhel-dhe.li.yaProper Adj.
having no brightness or vividness
- ধেলপোঙাdhelapoṅāNoun
চকু লুটি খোবা অবস্হা; আধামৰা অবস্হা
state of eyes being turned up when dying
- ধেলপোঙা দি
আধামৰা হৈ চকু লুটি খাই ওপঙি থাক্ (মাছ)
to float on water half-dead with the eyes turned up
- ধেলপোঙা দেdhel.po`.nga deVerb-Intran.
আধা মৰা হৈ চকু লুটি খোৱা অৱস্থাত পানীৰ ওপৰত ভাঁহি থাক্ (মাছৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য)
to float on water half-dead with the eyes turned up (said of a fish, in particular)
- ধেৎdhetInterjection
অবিশ্বাস, অসন্তুতি অধৰ্য্য আদি ভাৱ প্ৰকাশ কৰিবলৈ কৰা শব্দ।
sound used to express impatience, contempt, disbelief, etc.
- ধেৎ তেৰিdhet te.riInterjection
অবিশ্বাস, অসন্তুতি অধৰ্য্য আদি ভাৱ প্ৰকাশ কৰিবলৈ কৰা শব্দ।
sound used to express impatience, contempt, disbelief, etc.
- ধেৎ তেৰিকাdhet te.ri.kaInterjection
অবিশ্বাস, অসন্তুতি অধৰ্য্য আদি ভাৱ প্ৰকাশ কৰিবলৈ কৰা শব্দ।
sound used to express impatience, contempt, disbelief, etc.
- ধেৰ্কাdherkāNoun
ডাঙৰ পুঠি মাছ।
- ধেৱাdhe.waAbstract Noun
দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ
an armed conflict between nations or states.
- ধৈবতdhaibataNoun
সঙ্গীতৰ স্বৰগ্ৰামৰ ষষ্ঠ স্বৰ।