কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টেবুল ফেনte.bul phenMaterial Noun
টেবুলৰ ওপৰত ৰখা বতাহ উত্ত্পন্ন কৰা এবিধ যন্ত্ৰ ৷
An air producing device with Multiple blades of two to four and operate by electricity. Usually a table fan is takes upon a table.
- টেমচ্Proper Noun
ইংলেণ্ডৰ আটাইতকৈ দীঘল আৰু যুক্তৰাজ্যৰ দ্বিতীয় দীঘল নদী৷
Longest river in England and second longest in United kingdom.
- টেমাṭemāNoun
সাঁফৰ থকা কাঠ বা ধাতুৰ পাত্ৰ
a small pot with a cover
- টেমিṭemiNoun
চূণ ৰখা সৰু টেমা
a lime pot
- টেমি-কেৰেলাṭemi-kerelāNoun
কেৰেলা জাতিৰ এবিধ লতা আৰু তাৰ ফল।
- টেমি-চুৰুণীṭemi-curuṇīNoun
ল'ৰাবিলাকে ধেমালিত মাইকী হাতীক জোকোবা নাম।
- টেমুনাṭemunāNoun
মেৰুণ; ঘাই গাৰপৰা ওলোবা উঠঙা
a small protuberance; a tumour
- টেমুনা-টেমুনিte.mu.na-te.mu.niProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- টেমেকাṭemekāNoun
মেৰুণ; ঘাই গাৰপৰা ওলোবা উঠঙা
a small protuberance; a tumour
- টেমেনাṭemenāNoun
অলপ দীঘলীয়া পাতেৰে এবিধ লতা-চানেকীয়া সৰু গছ [চোবাই এঠাৰ নিচিনা পুল আৰু থোপা পাতি জালুক একোটিৰ সমান গুটি ধৰে; মদ বা হুৰ পিঠা তৈয়াৰ কৰাত ব্যবহাৰ হয়।]।
- টেলনিṭelaniNoun
নাবৰ বাৰ হাতেৰে বা ভৰিৰে টলংভটং কৰি তাৰ পানী উলিওবা কাৰ্য্য
the act of reeling or shaking a boat to throw out the water from it
- টেলাইṭelāiNoun
মনোযোগ; কোনো কথালৈ কাণ কৰা কাৰ্ষ্য
care; the act of paying heed to a thing
- টেলিগ্ৰাফṭeligrāphaNoun
বিজুলীৰ সহায়েৰে সঙ্কেতত সংবাদ-প্ৰেৰণ।
telegraph
- টেলিগ্ৰামṭeligrāmaNoun
বিজুলীৰ সহায়েৰে পঠোবা বাতৰি।
telegram
- টেলিফোনṭeliphonaNoun
বিজুলীৰ সহায়েৰে দূৰৰপৰা কথা পতা কাৰ্য্য; তেনেকৈ কথা পতা যন্ত্ৰ।
telephone
- টেলিস্কোপṭeliskopaNoun
দূৰবীক্ষণ যন্ত্ৰ।
telescope
- টেলেকাṭelekāAdjective
বৰকৈ মেল খাই থকা; ডাঙৰ আৰু উঠঙা (চকু)
large and prominent (said of the eyes)
- টেলেগুṭeleguNoun
অন্ধ্ৰদেশৰ মানুহ আৰু তেওঁলোকৰ ভাষা; তেলুগু
the people and the language of Andhra State
- টেলেঙনিṭeleṅaniNoun
আছাৰ খাই কোবেৰে পৰি বাগৰি যোবা কাৰ্ষ্য
the act of falling and rolling down violently
- টেলেঙনি খা
খুন্দা বা আছাৰ খাই বাগৰি পৰ্
to fall down violently; to tumble