কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধেন দিdhena, diIntransitive verb
পোবালি জগা (গৰু আদি চাৰি-ঠেঙীয়া জন্ত্ত)
to bring forth young, as a cow
- ধেনাdhenāAdjective
ভিতৰত শাহ পূৰ নহৈ সৰু হৈ থকা; মুনিয়া
undeveloped and small in size
- ধেনীNoun
গৰু-ম'হৰ জিভাত সৰু সৰু ৰঙা খহুৰ নিচিনা হৈ ওলোবা এবিধ ৰোগ
a kind of disease which affects the tongue of cattle
- ধেনুdhenuNoun
পোবালি হোবা গাই; খীৰতী গাই
a cow that has calved; a cow; a milch cow
- ধেনুকাড়Material Noun
ধেনু আৰু কাড়ৰ সমষ্টি
A combo of a bow and arrows.
- ধেনুগুটিdhe.nu.gu.tiMaterial Noun
কেটেপাৰে মাৰিবলৈ ব্যৱহাৰ কৰা, ৰঙা আলতীয়া মাটিৰে বনোৱা মাৰ্বলগুটি আকাৰৰ সৰু গুটি/ বল৷
a small ball used to throw by a catapult/slingshot
- ধেনুধাৰীdhe.nu.dha.riCommon Noun
A person who shoots with a bow and arrows.
- ধেনুভিৰীয়াAdjective
ধেনুৰ দৰে ভাঁজ বা ভিৰ লোবা
bent like a bow
- ধেনুভেৰীয়াdhe.nu.bhe.riyaProper Adj.
নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
diverging from a given straight line or course.
- ধেনুসজাdhenusajāNoun
এবিধ ঢেকীয়া [তাৰে ধেনুৰ জোঁৰ তৈয়াৰ কৰে।]
a kind of fern
- ধেন্দdhendaNoun
চকু, ফল আদিৰ ওপৰৰ ঢাকনি বা বাকলি মেল খাই বা ফাট মেলি ভিতৰৰপৰা ওলোবা কোমল অংশ; যেনে-"চকুৰ ধেন্দ ওলাল"
the soft portion of a fruit and the like which becomes visible when the outer-coverning is broken
- ধেন্দ উলিয়াdhend u.li.yaVerb-Trans.
বাহিৰৰ ঢাকনি বা বাকলি ফালি ভিতৰৰ কোমল ভাগ বাজ কৰ্
to expose the inner part, as of a fruit
- ধেন্দ ওলোৱাdhend o`.lo`.waProper Adj.
চকুৰে দেখা নোপোৱা ৷
Destitute of the sense of seeing, either by natural defect or by deprivation; without sight.
- ধেন্দাল্Transitive verb
ধেন্দ উলিয়া; বাহিৰৰ ঢাকনি বা বাকলি ফালি ভিতৰৰ কোমল ভাগ বাজ কৰ্
to expose the inner part, as of a fruit
- ধেন্দেলাAdjective
ধেন্দ ওলোবা; চকুৰ মণি বাজ হোবা; চকু লুটি খোবা; গোটেই কণা
having the inner side of the eye turned outside, i.e., blind (a term of abuse)
- ধেন্দেল্Intransitive verb
ধেন্দ ওলা; ধেন্দ বাজ হ
to have the inner part exposed after the outer covering is broken
- ধেপলাProper Adj.
বহু ঠাই আগুৰি থকা|
Having great (or a certain) extent from one side to the other.
- ধেপাই তিতাdhe.pai ti.taCommon Noun
গুল্ম জাতীয় গছ বিশেষ৷
The Hill glory bower, is a perennial shrub belonging to the family Lamiaceae, also sometimes classified under Verbenaceae. It is the type species among 400 species of Clerodendrum.
- ধেপেচাdhe.pe.saProper Adj.
কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ
of a human being or an animal having a soft, round and slightly fat body
- ধেবাdhebāNoun
যুদ্ধ; ৰণ
war