কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উতৰোলut.ro`lAbstract Noun
চিয়ঁৰ-বাখৰ, শৃঙ্খলাহীন আৰু বিমোৰত পৰা এক অৱস্থা
a state of commotion and noise and confusion; violent agitation
- উতৰ্utarIntransitive verb
পাৰ হ; উদ্ধাৰ হ; পৰীক্ষা বা মহলাত উঠ; উত্তীৰ্ণ হ
to pass or cross over; to be successful at an examination or trial; to be delivered
- উথপথপu.thop.thopAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- উথপ্থপuthapthapaNoun
লৰা-ঢপৰা; খৰ-খেদা; উদুলি-মুদুলি; ব্যস্ত হোবাৰ ভাব (অভ্যৰ্থনা আদিত সোধ-পোঁচ কৰোঁতে ব্যস্ততা দেখুওবাৰ ভাব)।
- উথল-পাথলNoun
[প্ৰা. উত্থল্ল + পথল্ল] তল-ওপৰ; দল-দোপ হেন্দোল-দোপ; ভোল-পাৰ
act of rolling up and down; great agitation
- উথলি উঠ্u.tho.li uthVerb-Intran.
সাধাৰণ আকাৰতকৈ ডাঙৰ হৈ পৰ্
to become larger and rounder than usual; to (cause to) increase in size or amount
- উথলিতu.tho.li.toAbstract Noun
উথলি উঠা ।
The act or an instance of rising up from or as if from a lower source.
- উথল্uthalIntransitive verb
ওফন্দি উঠ্; ওপৰলৈ উঠ্
to swell or bubble up; to rise
- উথল্u.tholVerb-Intran.
সাধাৰণ আকাৰতকৈ ডাঙৰ হৈ পৰ্
to become larger and rounder than usual; to (cause to) increase in size or amount
- উথানVerbal Noun
তাপত উপৰলৈ ওফন্দি উঠা কাৰ্য
a boiling or bubbling up like hot milk
- উথামuthāmaNoun
ওপৰলৈ উঠা; তাপত ফুলি বা ওফন্দি উঠা
boiling or bubbling up; rising
- উথেলিProper Adj.
দুই, ততোধিক বা উল্লেখিত সকলোৰে সমান ভাগ বা দখল থকা
belonging equally to, or shared alike by, two or more or all in question
- উদudaNoun
এবিধ পানীত চৰা আৰু মাছ-খোবা চাৰি-ঠেঙীয়া মুগা-বৰণীয়া জন্ত্ত
an otter; Lutra valgaris
- উদঁতীয়াudam̐tīẏāAdjective
উদাঁত; পিয়াহ খোবা আগ-দাঁত দুটা নসলোবা; পিয়াহ খোবা আগ-দাঁত দুটা সৰি নকৈ দাঁত নগজা; কম-বয়সীয়া (গৰু) [গৰুবে এবাৰত দুটাকৈ দাঁত সলায়; যেনে-দুদঁতীয়া; চাইদঁতীয়া; দুদঁতীয়া]
not changing the first teeth as yet (said of cattle)
- উদংudamAdjective
মুকলি; বেৰ বা ঢাকন নথকা
open; not covered
- উদং কৰ্, উদঙা
শুদা বা খালি কৰ্; অজৰা; ; বিণ. উদঙীয়া ৰখীয়া নথকা; বান্ধত নথকা; নিজ ইচ্ছামতে চলিব আৰু ফুৰিবলৈ পোবা
to free; to empty ; free from restraint; without any one to take care of
- উদং মেল্udam, melTransitive verb
বান্ধৰপৰা এৰি দি; স্বাধীনভাবে চলিব-ফুৰিবলৈ দি
to set free; give full freedom
- উদং-কালudam-kālaNoun
গৰু-ম'হ নৰখা-নোচোবাকৈ চৰি ফুৰিবলে দিয়া কাল বা বতৰ
the time or period of the year when cattle are set free to graze
- উদং-কালিudam-kāliNoun
গৰু-ম'হ নৰখা-নোচোবাকৈ চৰি ফুৰিবলে দিয়া কাল বা বতৰ
the time or period of the year when cattle are set free to graze
- উদং-মুদংu.dong-mu.dongProper Adj.
কাপোৰ বা আৱৰণ নথকা
without clothes or covering