কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাকালnākālaAdjective
লাঞ্ছিত; অপমান পোবা
disgraced; insulted
- নাকাৰnākāraNoun
মেকুৰী
the cat
- নাকাৰাত্মকna.ka.rat.mokProper Adj.
শূন্যতকৈ সৰু; ইতিবাচকৰ বিপৰীত৷
something less than zero ; opposite of assertion.
- নাকীnākīNoun
জন্ত্তৰ লগোবা জৰী
a cord passed through the cartilage of the nose of an animal; nose-string
- নাকীAdjective
নাকৰপৰা ওলোবা, যেনে-নাকী-সূৰ।
- নাকী-শলিnākī-śaliNoun
তলৰ বাতি ব-ৰ মাজেদি সুমাই ওপৰৰ বাতি ব-ৰ মাজলৈ ব-সূতা অনা দুডাল শলিৰ সৰুডাল [তাৰ লগত থকা ডাঙৰ শলিজালক ব-শলি বোলে।]।
- নাক্ষত্ৰিকProper Adj.
নক্ষত্ৰ সম্বন্ধীয়
Pertaining to star
- নাক্ষত্ৰিক থূপNoun
নাক্ষত্ৰিক থূপ
নাক্ষত্ৰিক থূপ
- নাখায়-নবৈna.khai-no.boiAdverb
আহাৰ নকৰাকৈ থকা অৱস্থা৷
in the manner or condition of very hungry.
- নাগnāgaNoun
সাপ
snake
- নাগ পঞ্চমীnag pon.so.miProper Noun
শাওন মাহৰ শুক্লা পঞ্চমীত নেপাল আৰু ভাৰতত হিন্দুসকলে পালন কৰা এক উত্সৱ৷
A traditional worship of snakes or serpents observed by Hindus throughout India and also in Nepal. The worship is offered on the fifth day of bright half of Lunar month of Shravan (July/August), according to the Hindu calendar.
- নাগ পোৎnāga, pot
পুখুৰী আদিৰ তলিত পানীৰ ডঁহত নাগৰ পূজা কৰাৰ ব্যবস্হা কৰ্।
- নাগ- পাশNoun
ৰণত শত্ৰুক বন্ধা খোৰোচা-জৰী [ই বৰুণ দেবতাৰ মুখ্য অস্ত্ৰ।]
a running noose of a rope
- নাগ-কন্যাnāga-kanyāNoun
নাগ দেবতাৰ কন্যা; যেনে-নাগ-কন্যা উলুপী (অৰ্জ্জুনৰ ভাৰ্য্যা)
a daughter of the snake-god
- নাগ-পোতাAdjective
উক্ত প্ৰকাৰে নাগ-পূজা কৰ্ (পুখুৰী)।
- নাগ-ফুটোবাAdjective
পাতাল-ফুটা অৰ্থাৎ বৰ দ (পুখুৰী)
dug very deep (tank)
- নাগ-ফেটী বটাNoun
নাগ বা সাপৰ ফেঁটৰ নিচিনা পাহ থকা কাঁহৰ বটা
a bell-metal tray with a border ornamented with figures like the hood of a snake
- নাগ-মাটিnāga-māṭiNoun
আকৰত থকা এবিধ ক'লা বৰণীয়া জুই মাটি
fossil coal
- নাগকেশৰnag.ke.xorCommon Noun
শ্ৰীলঙ্কা, ভাৰত, দক্ষিণ নেপাল, ইন্দোচীন আৰু মালয়েছিয়াত পোৱা ক্লুছিয়েচি পৰিয়ালৰ এবিধ সুগন্ধি ফুলযুক্ত উদ্ভিদ৷
It is a species in the family Clusiaceae. The plant is named after the heaviness of its timber and cultivated in tropical climates for its form, foliage, and fragrant flowers. It is native to tropical Sri Lanka, India, southern Nepal, Indochina, and the Malay Peninsula.
- নাগকেসৰnāgakesaraNoun
নাগেশ্বৰ; নাহৰ।