কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাdāTransitive verb
কাট্ (ধান)
to reap as corn
- দা-দস্তুৰda-dos.turAbstract Noun
প্ৰচলিত নিয়ম
prevailing rules
- দা-ধৰাdā-dharāNoun
আহোম ৰডাৰ দিনৰ এটা খেলৰ নাম [এওঁলোকৰ ঘাই কাম আছিল ৰজা অ'লৈ-ত'লৈ যাওঁতে হাতত দা লৈ আগত যোবা।]
the name of a class of people during the Āhom Raja's time whose principal duty was to accompany the king with a sword in hand, when going about
- দাঁতdām̐taNoun
দন্ত; মুখৰ ভিতৰত তলে-ওপৰে দুশাৰী হৈ থকা সৰু জোঙা আহাৰ চোবোবা হাড় [তল আৰু ওপৰ শাৰীৰ সমুখৰ তিনিটা দাঁতক আগ-দাঁত, সিহঁতৰ গাতে দুফালে থকা জোঙা দাঁতক কুকুৰ-দাঁত আৰু মূৰলৈ থকাবিলাকক গুৰি-দাঁত বা জামি-দাঁত বোলে।]
a tooth
- দাঁত উঠ্
পৈণত বয়স পা।
- দাঁত উলিয়াda~t u.li.yaVerb-Intran.
ওঁঠৰ কোন দুটা পিছফাললৈ টানি দাঁত উলিয়াই হঁহা কাৰ্য্য ৷
to smile broadly exposing the teeth
- দাঁত কামোৰ খাda~t ka.mo`r khaVerb-Intran.
কোনো বস্তু চোবাওঁতে হঠাৎ ওঁঠ বা জিভা দাঁতৰ মাজত সোমোৱাত আঘাত পা
to have an injury in the lip or tongue as a result of being accidentally bitten by the teeth
- দাঁত কামোৰ্
দাঁত চোবা; খঙত বা অধিক বল পাবলৈ ওপৰৰ দাঁতৰ দ্বাৰা তলৰ দাঁত বা ওঁঠ চেপি ধৰ্
to press the lower teeth with the upper ones, as in anger or labour
- দাঁত কৰকৰ কৰ্da~t kor.kor korVerb-Intran.
সাধাৰণতে খং প্ৰকাশ কৰিবলৈ দুই পাৰি দাঁত পৰষ্পৰ ঘঁহি কৰ্কৰ্ শব্দ কৰ্
Bite with snap or clash teeth generally to express anger
- দাঁত কৰচ্da~t ko.rosVerb-Intran.
সাধাৰণতে খং প্ৰকাশ কৰিবলৈ দুই পাৰি দাঁত পৰষ্পৰ ঘঁহি কৰ্কৰ্ শব্দ কৰ্
Bite with snap or clash teeth generally to express anger
- দাঁত খৰিকাda~t kho.ri.kaMaterial Noun
দাঁতৰ মাজত সোমোৱা খাদ্য উলিয়াবলৈ ব্যৱহাৰ কৰা সৰু কাঠ, বাঁহ বা প্লাষ্টিকৰ দণ্ড |
a small pointed piece of wood, bamboo, plastic, etc., for removing substances, esp. food particles, from between the teeth.
- দাঁত গজাTransitive verb
সাহ, ক্ষমতা বা বল কৰ্; যেনে-"মোক হৰুবাবলৈ তই আকৌ দাঁত গজাই আহগৈ।" দাঁত চোবা খঙত দাঁত কামোৰ্; বৰকৈ খং কৰ্
to bite the teeth (in rage)
- দাঁত ছেলা
হাঁহোঁতে দাঁত উলিয়া
to grin, as in laughter
- দাঁত টেঙা
টেঙা বস্ত্ত খাই দাঁতৰ সিৰসিৰণি তোল্
to set the teeth on edge
- দাঁত নিকটা
পৰাস্ত হ; মৰ্
to be defeated; to die
- দাঁত নিকতাda~t ni.ko.taVerb-Intran.
ওঁঠৰ কোন দুটা পিছফাললৈ টানি দাঁত উলিয়াই হঁহা কাৰ্য্য ৷
to smile broadly exposing the teeth
- দাঁত বিষda~t bixAbstract Noun
দাঁত আৰু দাঁতৰ আলুত বেমাৰ হৈ দাঁত বিষোৱা ৰোগ ৷
A pain in or around a tooth caused by disease in the tooth, the gum or the jaw.
- দাঁত শিকৰda~t xi.korMaterial Noun
দাঁতৰ গুৰিত ঘণ হৈ বন্ধ যোৱা শুকান চূণৰ নিচিনা মল ।
An incrustation that forms on the teeth and gums.
- দাঁত সলা
পিয়াহ খোবা দাঁত ভাগি নকৈ দাঁত গজ্ (গৰু-ম'হৰ)ঃ অক. ধা. দাঁৎ দাঁৎ গজ্; যেনে-"গৰুটোবে দাঁতিছে"
to change the first teeth
- দাঁত- খৰিকাNoun
দাঁত পৰিষ্কাৰ কৰা কাঠী বা বন
a tooth pick