কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সঙ্গী হxong.gi hoVerb-Trans.
লগত একেলগে যা বা একে যাত্ৰাৰ পথিক হ
to go along or in company with
- সঙ্গীতময়xong.git.moyProper Adj.
সঙ্গীতেৰে সজোৱা বা সঙ্গীতেৰে ভৰপূৰ; যেনেঃ সঙ্গীতময় পৰিৱেশ
set to or accompanied by music; e.g. musical entertainment
- সঙ্গীতালেখ্যxong.gi.ta.le.khyoProper Noun
সঙ্গীতপ্ৰধান নাটক, ভাওনা অথবা অভিনয় আদি ।
A drama set to music; consists of singing with orchestral accompaniment and an orchestral overture and interludes.
- সঙ্গীনxong.ginMaterial Noun
বন্দুকৰ আগত লগোৱা তৰোৱাল৷
a knife that can be fixed to the end of a rifle and used as a weapon.
- সঙ্গীবিহীনxong.gi.bi.hinProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- সঙ্গীবিহীনতাxong.gi.bi.hi.no.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- সঙ্গীহীনxong.gi.hinProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- সঙ্গোপনsaṅgopanaNoun
গোপনে ৰখা কাৰ্য্য
- সঙ্ঘsaṅghaNoun
সম্প্ৰদায়; সমাজ
a party; an association
- সঙ্ঘটনxong.gho.tonAbstract Noun
যি ঘটিত হৈছে বা ঘটা বুলি ধৰা হৈছে
something that happens or is regarded as happening
- সচংsacamNoun
মহন্ত থকা ঘৰ
a residence of a Mahanta
- সচকিতsacakitaAdjective
ভয়ত গা চমকা
startled; fearful
- সচলsacalaAdjective
লৰি-চৰি ফুৰা; একে ঠাইতে বৈ নথকা
moving
- সচলতাxo.so.lo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other
- সচাঁ ঘটনাxo~.sa gho.to.naAbstract Noun
এটা ঘটনা যিটো ঘটিছে বুলি থিৰাংকৈ জনা যায় ৷
An event known to have happened or something known to have existed.
- সচিতsacitaNoun
সচেতন অবস্হা; দিঠক
the awaking state
- সচিত্ৰsacitraAdjective
চিত্ৰ-যুক্ত
illustrated
- সচিধনAbstract Noun
কাগজৰ টকা বা মুদ্ৰা ৰূপত থকা ধন
money in currency notes
- সচিবsacibaNoun
মন্ত্ৰী; অমাত্ম্য
minister
- সচিবালয়xo.si.ba.loyProper Noun
হিছাপ-পত্ৰ ৰখা কোনো চৰকাৰী বিভাগ বা দপ্তৰ বা আন আন্তঃৰাষ্ট্রীয় প্রতিস্থানৰ মুখ্য বিষয়াৰ কাযাৰ্লয় ৷
An administrative unit responsible for maintaining records and other secretarial duties; especially for international organizations.