কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দশহৰাdaśaharāNoun
জেঠৰ শুক্লা দশমী
the tenth lunar day in the bright fortnight of the month of Jyaiṣṭha
- দশাdaśāNoun
অবস্হা
a state; plight
- দশা কলনNoun
দশা কলন
দশা কলন
- দশা গণ্
কোষ্ঠী চাই মানুহৰ দৈবৰ ভাল-বেয়া নিশ্চয় কৰ্
to ascertain from the horoscope the good or bad luck of a man
- দশা স্থানNoun
দশা স্থান
দশা স্থান
- দশাননdaśānanaNoun
ৰাবণ, যাৰ দহখন মুখ আছিল
a name of Rāvaṇa, the ten-headed king of Laṅkā
- দশাবতাৰdaśābatāraNoun
বিষ্ণুবে পৱথিবীলৈ আহি ধৰা দহোটা ৰূপ, যেনে- মৎস্য (মাছ), কূৰ্ম্ম (কাছ), নৰসিংহ (আধা মানুহ আৰু আধা সিংহ আকৱতি), বৰাহ (গাহৰি), বামন (বাওনা), পৰশুৰাম, হলিৰাম (বলদেব), শ্ৰীৰাম (দশৰথৰ পুতেক), বুদ্ধ (বৌদ্ধধৰ্ম্ম-প্ৰবৰ্ত্তক গৌতম মুনি), কল্কি (এই অবতাৰ সম্বল নামে এখন গাঁবৰ এজন বামুণৰ ঘৰত হ'ব বুলি পুথিত লিখা আছে)
the ten incarnations of Viṣṇu
- দশাস্যdo.xa.syoProper Noun
ৰামায়নত থকা লংকাৰ এজন ৰাক্ষসৰ ৰজা৷ দহটা মূৰ আৰু বিশখন হাত আছিল আৰু সীতাক অপহৰণ কৰাৰ বাবে ৰামচন্দ্ৰৰ হাতত মৃত্যু হয়৷
Ravana was ten-headed, twenty-armed mythical king of ancient Sri Lanka. with great supernatural power, who is said to have ruled Lanka about 6000 years ago. He plays a major role in Hindu mythology, especially in the Ramayana, where he is mainly depicted negatively as a brute, and most infamously as having kidnapped Rama's wife Sita and being killed by her husband.
- দশাহীনdaśāhīnaAdjective
দুৰ্কপলীয়া; ভাগ্যহীন
unfortunate
- দশাৱতাৰdo.xo.bo.tarProper Noun
পৃথিৱীত দুষ্টক দমন কৰি অধৰ্মৰ মাজত ধৰ্ম প্ৰতিষ্ঠাৰ বাবে বিষ্ণুৱে দহ আকৃতিৰে পৃথিৱীলৈ কৰা আগমন ৷
Dashavatar, the ten incarnations of Lord Vishnu, were meant for establishing ‘dharma’, whenever ‘adharma’ occurs.
- দশেন্দ্ৰিয়daśendriẏaNoun
হাত, ভৰি, মলৰ দ্বাৰ, লিঙ্গ বা যোনি, বাক্-ইন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, আৰু ছাল, এই দহোটা ইন্দ্ৰিয়
the ten organs of sense and action
- দশেৰProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- দশেৰকdo.xe.rokAbstract Noun
dry place,An area often covered with sand or rocks, where there is very little rain and not many plants:
- দশেৰাdo.se.raAbstract Noun
আহিন মাহৰ শুক্ল পক্ষৰ দশমদিনৰ তিথি৷ দুৰ্গা পূজাৰ শেষ দিন।
A Hindu festival that celebrates the victory of good over evil. It is a gazetted holiday in India, which is marked on the 10th day of the bright half (Shukla Paksha) of the month of Ashvin (Ashwayuja), according to the Hindu calendar. Colorful Ravana head effigies are burned on this day.
- দশোদিশdaśodiśaNoun
অষ্টদিশ আৰু তল আৰু ওপৰ, এই দহদিশ বা ফাল
the eight points of the compass plus the sky and the point opposite to it
- দশোদিশেdo.xo`.di.xeAdverb
সকলো দিশে।
all sides or all over.
- দশোপচাৰ
-পঞ্চোপচাৰৰ লগতে পাদ্য, অৰ্ঘ্য, আচমনীয়, স্নানীয়, মধুপৰ্ক।
- দশৰথdaśarathaNoun
অযোধ্যাৰ এজন সূৰ্য্যবংশীয় ৰজাৰ নাম; ৰামচন্দ্ৰৰ পিতৱ
a king of Ayodhyā and the father of Rāma
- দশৰথ নন্দনdo.xo.roth non.donProper Noun
বিষ্ণুৰ সপ্তম অৱতাৰ, ৰামচন্দ্ৰ অয়োধ্যাৰ ৰজা দশৰথৰ পুতেক আৰু ৰামায়নৰ প্ৰধান নায়ক ৷
Lord Ram (Ramachandra) is the seventh incarnation of Lord Vishnu,he is the hero of the epic Ramayana. Ram, Hi is son of Dasaratha king of Ajudha. Hi is usually pictured as holding a bow and arrow, indicating his readiness to destroy evils.
- দষ্টdaṣṭaNoun
দংশিত; কামোৰা (অন্য শব্দৰ পাছত থাকে); যেনে -"সৰ্প-দষ্ট মানুহ"
bitten