কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাখৰুkhākharuNoun
খেঁকাৰ খোবা; নীচ মানুহ
mean or contemptible man
- খাগkhāgaNoun
গঁড়ৰ শিং
the horn of a rhinoceros
- খাগৰিkhāgariNoun
হাবিত আপুনি হোবা কুঁহিয়াৰ জাতিৰ এবিধ ওখ তৱণ [ইয়াৰ আৰু এটা উপজাতি আছে, তাৰ ঠাৰি কিছু সৰু আৰু ক'লা, তাক ক'লীয়া খাগৰি বোলে।]
a variety of reed; saccharum fuscum
- খাগৰি-কুঁহিয়াৰkhāgari-kum̐hiẏāraNoun
আন জাতিৰ কুঁহিয়াৰতকৈ সৰু আৰু টান (দেখিবলৈ প্ৰায় খাগৰিৰ নিচিনা) আৰু কম ৰস ওলোবা এবিধ কুঁহিয়াৰ [ইয়াক মেগেলা কুঁহিয়াৰো বোলে]
an inferior variety of sugarcane
- খাচkhācaAdjective
পৰৰপৰা অধিকাৰ কৰি নিজৰ স্বত্বত ৰখা; যেনে-"খাচ্ মহল" (কোনো জামদাৰ আদিৰ লগত বন্দবস্ত নোহোবা অৰ্থাৎ পোনে পোনে ৰজাৰপৰা বন্দবস্ত কৰা)
held direct from the government
- খাচাkhācāNoun
পৰ্ব্বতীয়া মানুহৰ কুঁকি বা হোৰা
a long basket used by hill people to carry things on their back
- খাচিkhāciNoun
খাছিয়া
the Khasi tribe
- খাচিয়াkhāciẏāNoun
খাচিয়া পাহাৰৰ আদিম নিবাসা
a hill tribe inhabiting the Khasi Hills
- খাচীkha.siCommon Noun
যৌন ক্ষমতা কৃত্ৰিমভাৱে নষ্ট কৰি পেলোৱা মতা ছাগলী বা ভেৰা
A male sheep that has been castrated.
- খাচী কৰ্kha.si korVerb-Trans.
অণ্ডাশয় আঁতৰ কৰি মতা জন্তুৰ প্ৰজনন ক্ষমতা নাশ কৰ্।
To render an animal incapable of reproduction by removal of testicles.
- খাছkhāchaAdjective
পৰৰপৰা অধিকাৰ কৰি নিজৰ স্বত্বত ৰখা; যেনে-"খাচ্ মহল" (কোনো জামদাৰ আদিৰ লগত বন্দবস্ত নোহোবা অৰ্থাৎ পোনে পোনে ৰজাৰপৰা বন্দবস্ত কৰা)
held direct from the government
- খাছিkhāchiNoun
খাছিয়া
the Khasi tribe
- খাছিয়াkhāchiẏāNoun
খাচিয়া পাহাৰৰ আদিম নিবাসা
a hill tribe inhabiting the Khasi Hills
- খাছীkhāchīNoun
খাহী।
- খাছীয়া বেলkha.si.ya belCommon Noun
বাণিজ্যিক ভাৱে খেতি কৰা এবিধ ফল৷ আদিতে এই ফল আমেৰিকা যুক্তৰাষ্ট্ৰৰ যদিও বৰ্তমান ভাৰত, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, ব্ৰাজিল, দক্ষিণ ফ্ল’ৰিডা, হাৱাই, অষ্ট্ৰেলিয়া, পূৱ আফ্ৰিকা, ইজৰাইল আৰু দক্ষিণ আফ্ৰিকাত বহুল ভাৱে খেতি কৰা হয় ৷ বহুতো গুটি যুক্ত, কোমল বা কঠিন ৰসাল ভিতৰ ভাগৰ, ই এবিধ গোলাকৃতিৰ, পকিলে হালধীয়া বা ডাঠ বেগুণীয়া ৰঙৰ ফল ৷ ইয়াক চোবাই খাবলৈ বা ৰস আহৰণ কৰি আন ফলৰ ৰসৰ লগত মিহলাই সুগন্ধি কৰিবলৈ খেতি কৰা হয় ৷
a plant cultivated commercially for its fruit. It is native to South America and widely grown in India, New Zealand, the Caribbean, Brazil, southern Florida, Hawaii, Australia, East Africa, Israel and South Africa. The passion fruit is round to oval, yellow or dark purple at maturity, with a soft to firm, juicy interior filled with numerous seeds. The fruit can be grown to eat or for its juice, which is often added to other fruit juices to enhance aroma. Source: wikipedia
- খাজkhājaAdjective
হিন্দুবে খাব পোবা; অনিষিদ্ধ (মাছ)
not forbidden as a food for Hindus
- খাজনাkhājanāNoun
ৰাজহ; মাটিৰ কৰ্
revenue; rent
- খাজনা-গাৰাজNoun
ধন-ভঁৰাল খাজনা বা; চৰকাৰী ধন থোবা ভঁৰাল [ইয়াক চিপাহীবাৰে ৰখি থাকে।]
a treasury
- খাজনাগাৰNoun
ধন-ভঁৰাল খাজনা বা; চৰকাৰী ধন থোবা ভঁৰাল [ইয়াক চিপাহীবাৰে ৰখি থাকে।]
a treasury
- খাজাkhājāNoun
অংশঃ টুকুৰা; যেনে-"এক খাজা মাছ"
a piece; a part