কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্তৰ-কোশলuttara-kośalaNoun
এখন প্ৰাচীন দেশ [ই অযোধ্যা প্ৰদেশৰ সৰযু নৈৰ উত্তৰফালে অবস্হিত; ইয়াৰ প্ৰাচীন ৰাজধানীৰ নাম শ্ৰাবন্তী]
an ancient kingdom, said to be the northern part of the modern province of Oudh
- উত্তৰ-পূবut.tor-pubAbstract Noun
দেশৰ বাকী অংশৰ পৰা ৩২ কিলোমিটাৰ বহল বাগদোগ্ৰা-শিলিগুড়ি অঞ্চলৰ এক ঠেক ভূ-খণ্ডই পৃথক কৰা পশ্চিম বঙ্গৰ পূৱদিশত অৱস্থিত ভাৰতীয় ৰাজ্যসমূহ - অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু চিকিম
The group of Indian states east of West Bengal, separated by the 32 km wide Bagdogra-Siliguri `neck` from rest of India - Assam, Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura, Meghalaya and now Sikkim.
- উত্তৰ-পূৰ্বাঞ্চলut.tor-pur.ban.solAbstract Noun
দেশৰ বাকী অংশৰ পৰা ৩২ কিলোমিটাৰ বহল বাগদোগ্ৰা-শিলিগুড়ি অঞ্চলৰ এক ঠেক ভূ-খণ্ডই পৃথক কৰা পশ্চিম বঙ্গৰ পূৱদিশত অৱস্থিত ভাৰতীয় ৰাজ্যসমূহ - অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু চিকিম
The group of Indian states east of West Bengal, separated by the 32 km wide Bagdogra-Siliguri `neck` from rest of India - Assam, Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura, Meghalaya and now Sikkim.
- উত্তৰ-ফল্গুনীuttara-phalgunīNoun
ফাল্গুনী নক্ষত্ৰৰ দুটাৰ পাছৰটো; দ্বাদশ বা বাৰ সংখ্যাৰ নক্ষত্ৰ
the twelfth lunar mansion
- উত্তৰ-ফাল্গুনীuttara-phālgunīNoun
ফাল্গুনী নক্ষত্ৰৰ দুটাৰ পাছৰটো; দ্বাদশ বা বাৰ সংখ্যাৰ নক্ষত্ৰ
the twelfth lunar mansion
- উত্তৰ-ভাদ্ৰপদuttara-bhādrapadaNoun
ভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয়টো; ছাবি" সংখ্যাৰ নক্ষত্ৰ
the twenty-sixth lunar mansion
- উত্তৰ-মীমাংসাuttara-mīmāṃsāNoun
হিন্দুৰ মীমাংসা শাস্ত্ৰৰ পাছৰ খং [ইয়াৰ আন নাম বেদান্ত, ইয়াত ব্ৰহ্মতত্ত্ব বিশেষকৈ আলোচন কৰা হৈছে]
a principal division of Hindu philosophy, otherwise called the Vedānta
- উত্তৰ-মেৰুut.tor-me.ruProper Noun
পৃথিৱীৰ মেৰুদণ্ডৰ আটাইতকৈ উত্তৰৰ বিন্দু
The northernmost point of the earth's axis of rotation
- উত্তৰ-স্বাদAbstract Noun
কিবা খোৱাৰ পাছত মুখত ৰৈ যোৱা সোৱাদ
the taste that a particular food or other substance leaves in the mouth when someone has swallowed it
- উত্তৰ-স্বাধীনতাut.tor-swa.dhi.no.taAdjective Adj.
কোনো এখন দেশে স্বাধীনতা পোৱাৰ পাছত হোৱা, ঘটা বা পোৱা কিবা৷
something that exists, happens after a country gets independence.
- উত্তৰংগut.to.rong.goMaterial Noun
কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ
A ridge or swell moving through or along the surface of a large body of water
- উত্তৰআধুনিকut.tor.a.dhu.nikAdjective Adj.
উত্তৰআধুনিকতাবাদৰ সৈতে জড়িত বা ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা (তত্ব, বিশ্বাস, লেখন আদি)৷
(ideas, practice,theory etc.)connected with or influenced by postmodernism.
- উত্তৰকালীনut.tor.ka.linProper Adj.
আগলৈ হ’ব লগা
something that will happen at a later time and after the present time
- উত্তৰকুৰুuttarakuruNoun
জম্বুদ্বীপৰ নটা বিভাগৰ এটা [কোনো কোনো পণ্ডিতৰ মতে আৰ্য্য জাতিৰ আদি-ঠাই তুৰ্কীস্হান, তাৰ্তাৰ আৰু তিব্বতৰ উত্তৰ-পশ্চিম ভাগকে উত্তৰ-কুৰু বোলে; কোনো কোনোৰ মতে পাৰস্য দেশ বা উত্তৰ মেৰুৰ ওচৰৰ ঠাইবোৰকে উত্তৰ কুৰু বোলে]; যেনে-"উত্তৰত ৰম্যক হিৰণ্যময় আছে। প্ৰকাশ উত্তৰকূল জানা তাত পাছে" (অনাদি-পাতন)।
- উত্তৰকোলuttarakolaNoun
পুৰণি কামৰূপ বা অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাবৰ অংশ।
- উত্তৰণut.to.ronVerbal Noun
কোনো উচ্চ পদবীলৈ উঠা
A rise to a higher office, rank, etc.
- উত্তৰদায়ীut.tor.da.yiProper Adj.
হানি বা ক্ষতিৰ বাবে প্ৰশ্ন কৰিব পৰা ব্যক্তি ৷
Questionable to account for one`s actions; subject to being held to account; holding a specific office, duty, or trust.
- উত্তৰপথuttarapathaNoun
উত্তৰফালে থকা তীৰ্থস্হান বা হিমালয়ৰ ওপৰত থকা স্বৰ্গলৈ যোবা পথ; যেনে-"কৱষ্ণপদ-পঙ্কজ হৱদয়ে কৰি স্হিৰ। ধৰিলা উত্তৰপথ ৰাজা যুধিষ্ঠিৰ" (কীৰ্ত্তন)।
- উত্তৰপদut.tor.podCommon Noun
এটা অনুপাতৰ দ্বিতীয় পদ
the second term of a ratio
- উত্তৰপুৰুষut.tor.pu.ruxCommon Noun
অদূৰ ভৱিষ্যতে জন্ম লাভ কৰিব লগীয়া বংশধৰ সকল
Group of genetically related organisms esp human being in the line of ascent (the time yet to come).