কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নহিnahiAdverb
নাই
no; not non-existing
- নহুবnahubaNoun
এজন চন্দ্ৰবংশী ৰজা [এওঁ পুৰুববাৰ নাতিয়েক আৰু যযাতিৰ পিতৱ।]
a king of the lunar race and father of King Yayāti
- নহেnahe
নহয়
does not
- নহয়no.hoyAdverb
কোনো স্বাভাৱিক ইতিবাচক কথা বা বিষয়ক নেতিবাচক কৰিবলৈ ব্যৱহাৰ কৰা শব্দ৷
In no way; to no degree. Used to express negation, denial, refusal, or prohibition.
- নহৰno.horMaterial Noun
বৰষুণৰ পানী অথবা অন্য পেলনীয়া পানী উলিয়াই দিবলৈ কৰা খাৱৈ৷
An open conduit or channel to carry rainwater or other waste.
- নহৰাno.ho.raVerbal Adj.
যাক পৰাজিত হোৱা নাই বা হৰা নাই
one who has not been defeated
- নহৰুnaharuNoun
বাম-খেতিত হোবা, আঞ্জা আৰু দৰবত ব্যবহাৰ কৰা এবিধ উগ্ৰগন্ধী মূল
garlic; allium sativum
- নাnaAdverb
কোনো প্ৰশ্ন বা অনুৰোধৰ সঁহাৰি হিচাপে অসন্মতি, প্ৰত্যাখ্যান বা অস্বীকাৰ কৰা বুজাবলৈ ব্যৱহাৰ কৰা এক নেতিবাচক শব্দ।
a negative word used to express dissent, denial, or refusal, as in response to a question or request.
- না ডুবা
নাম নুমা; নাম নাইকিয়া কৰ্; সুনাম নষ্ট কৰ্
to cause reputation to be lost
- না-পছন্দna-po.sondAbstract Noun
কিহবাৰ প্ৰতি বিকৰ্ষণ বা ভাল নোপোৱা ভাৱ
Dislike or aversion for something
- নাঅMaterial Noun
পানীত চলাব পৰা এক বাহন, যাক এনেদৰে নিৰ্মাণ কৰা হয়, যাতে ই পানীত ওপঙি থাকে আৰু ইয়াক পানীৰ ওপৰেৰে আগুৱাই লৈ যাব পাৰি ৷
a vessel for transport by water, constructed to provide buoyancy by excluding water and shaped to give stability and permit propulsion.
- নাইnāiNoun
ওপৰ আৰু তল পেটৰ মাজ ভাগত থকা খোল বা গাঁত
the naval
- নাই নাই বুলিওnai nai bu.li.o`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- নাই বুলি কমেওnai bu.li ko.meo`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- নাই বুলিওnāi, bulioAdverb
নিচেই কমপক্ষেও
at the lowest
- নাই-ঢোৰোকাnāi-ḍhorokāAdjective
নাইটো বাহিৰলৈ ওলমি থকা
with a projecting navel
- নাই-নুইNoun
সমূলি অস্বীকাৰ; একেবাৰে আসৈ মতা
complete denial
- নাই-নুই কৰnai-nui korVerb-Trans.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
- নাই-পাখিnāi-pākhiNoun
মাছৰ নাইৰ ওচৰত থকা পাখি
the ventral fin of a fish
- নাইকিয়াnāikiẏāAdjective
শূন্য; নথকা
not existing; disappearing; destitute of