কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বংশতৰুbong.xo.to.ruCommon Noun
পৰিয়ালৰ সদস্য সকলৰ মাজৰ বহুপুৰুষ জোৰা সম্বন্ধ দেখুৱাই তৈয়াৰ কৰা মানচিত্ৰ৷
a diagram or chart that shows the relationship between the members of a family for a long period of time or several generations.
- বংশধাৰাbong.xo.dha.raAbstract Noun
উপৰিপুৰুষ আৰু বংশ-ইতিহাসৰ অধ্যয়ন বা অনুসন্ধান
The study or investigation of ancestry and family histories.
- বংশধ্বংজ
বংশৰ নাম জ্বলোবা মানুহ (বিদ্ৰুপত)
one who makes one's family famous (ironically)
- বংশধৰbong.xo.dhorCommon Noun
একে উপৰিপুৰুষৰ পৰা উদ্ভুত বা একেটা বংশৰ সন্তান
The descendants of a common ancestor considered to be the founder of the line
- বংশপালকProper Adj.
পৰিয়াল থকা লোক
one who maintains a family
- বংশপৰম্পৰাbong.xo.po.rom.po.raAbstract Noun
বংশত অতিজৰেপৰা চলি অহা ৰীতি ।
aggregate of attitudes, ideas and ideals, and environment, which a person inherits from his/her parents and ancestors.
- বংশবৃক্ষbong.xo.bri.khyoCommon Noun
পৰিয়ালৰ সদস্য সকলৰ মাজৰ বহুপুৰুষ জোৰা সম্বন্ধ দেখুৱাই তৈয়াৰ কৰা মানচিত্ৰ৷
a diagram or chart that shows the relationship between the members of a family for a long period of time or several generations.
- বংশবৃদ্ধিVerbal Adj.
প্ৰাণী, উদ্ভিদ বা মানুহৰ প্ৰজনন কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process in animals, plants, or people of reproducing or breeding
- বংশমৰ্যাদাbong.xo.mor.jya.daAbstract Noun
কোন পৰিয়ালৰ সদস্যসকলে সমাজৰ আন লোকৰ পৰা পোৱা সন্মান৷
the respect that members of a given family draws from other members of the community.
- বংশমৰ্য্যাদাbong.xo.mor.jya.daAbstract Noun
কোন পৰিয়ালৰ সদস্যসকলে সমাজৰ আন লোকৰ পৰা পোৱা সন্মান৷
the respect that members of a given family draws from other members of the community.
- বংশলতাbong.xo.lo.taAbstract Noun
কোনো ব্যক্তিৰ পৰিয়াল আৰু বংশৰ বিশদ তথ্য।
details of one's family and ancestry.
- বংশলোচন
বাঁহৰ ভিতৰত থকা থপ্থপীয়া বস্ত্ত বা বীজল
bamboo manna
- বংশাংকুৰbong.xang.kurCommon Noun
কোনো কোনো প্ৰজাতি বাঁহৰ কুমলীয়া আগ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয়৷
The young shoot of certain species of the bamboo sliced, cooked, and eaten as a vegetable, especially in East Asian and Assamese cuisine.
- বংশাগমনAbstract Noun
বংশাগমন
বংশাগমন
- বংশানুক্ৰমbong.xa.nu.kromAbstract Noun
শাৰীৰিক আৰু মানসিক বৈশিষ্টসমূহ এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হোৱা
Passing on of physical and mental characteristics genetically
- বংশানুক্ৰমিকbong.xa.nu.kro.mikProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- বংশানুক্ৰমেbong.xa.nu.kro.meAdverb
ক্ৰমান্বয়ে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ
successively from generation to generation
- বংশানুগতbong.xa.nu.go.toProper Adj.
পিতা-পিতামহৰ পৰা পোৱা অথবা তেওঁলোকৰ সমন্ধীয়
obtaining from or related to one's forefathers
- বংশানুচৰিতbong.xa.nu.so.ritMaterial Noun
বংশৰ লোকসকলৰ তিথি-নক্ষত্ৰাদিৰ গণনা সন্নৱিষ্ট নথি
a document containing astronomical information pertaining to a family
- বংশাবলী
কোনো বংশৰ মানুহবিলাকৰ পৰস্পৰ সম্বন্ধ দেখুবাই লেখা নামকাকত বা তালিকা
a genealogical tree