কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকমকনিsok.mo.ko.niAbstract Noun
হঠাৎ অহা বহু উজ্জ্বল পোহৰ৷
a sudden intense burst of radiant energy; a momentary brightness
- চকমকাsok.mo.kaVerb-Intran.
কঁপি থকা যেন লগা পাতলীয়া পোহৰ দেখুওৱা৷
to shine with a soft light that seems to quiver.
- চকমকীsok.mo.kiAbstract Noun
আকাশত, ডাৱৰত খন্তেকীয়াকৈ হোৱা বিদ্যুতৰ চমকনি।
a brilliant electric spark discharge in the atmosphere, occurring within a thundercloud, between clouds, or between a cloud and the ground.
- চকমকীয়াsok.mo.ki.yaProper Adj.
জিলিকি থকা
Shining and flashing with light.
- চকলcakalaNoun
চেপেটাকৈ কটা খণ্ড; ঘূৰণীয়া নহ'লেও পাতল আৰু চেপেটাকৈ কটা খোবা বস্ত্ত; যেনে-"আম এচকল"
a slice; a thin piece
- চকলংcakalamNoun
ওপৰ শ্ৰেণীৰ আহোমবিলাকৰ বিয়াত ভাৰ্য্যা- স্বামীৰ সম্বন্ধ লগোবা কাৰ্য্য [বিয়াৰ সভাত ৰাইজক সেবা কৰাই (যি বামুণ লগায়, সম্প্ৰদানৰ পাছত) দৰা-কনিয়া ভিতৰলৈ নি এটা আঁৰ দিয়া কোঠাত বহুবায়; দৰা-কনিয়াৰ নিচেই আপোন মতা-তিৰোতা জনচেৰেকৰ বাহিৰে তালৈ আন মানুহ যাবলৈ নিদিয়ে; পাছে এখন কাঁহীত এধাৰ মণি আৰু দৰাকনিয়াৰ হাতৰ তামোল-কটাৰীখিনি একেলগে থৈ কেইবাবাৰো দৰা-কনিয়াৰ হতুবাই সলনা-সলনি কৰায়; এই নিচিনা কৰি থাকোঁতেই এক পক্ষৰ এজনে ছল চাই এটাইখিনি বস্ত্ত থাপ মাৰি নি দৰা বা কনিয়াৰ হাতত দিয়ে-তেতিয়া সেই পক্ষ জিকিল বুলি ধৰে; পাছে হৰা পক্ষই বস্ত্তখিনি খুজি আনে; ইয়াৰ পাছত সজাই থোবা পঞ্চামৱত দৰা-কনিয়াৰ হতুবাই শুঙাই দুইৰো চৰিয়াত দুইকো হাত-মুখ ধুবাই দিয়ে; তাৰ পাছত আৰৈ চাউল ভৰাই থোবা দুনৰিত কনিয়াৰ হাতৰ আঙঠি এটা চাউলত লুকাই ৰখাই দৰাক বিচাৰি ল'বলৈ দিয়ে, এইদৰে তিনি বা পাঁচবাৰ কৰি দৰা বা কনিয়াৰ হাতৰ আঙঠি পিন্ধাই দুবাৰ সৰকাই কনিয়াক দৰা ঘৰলৈ লৈ যায়।]
the ceremony of final union in marriage of the bride and bridegroom observed by Ahoms
- চকলাcakalāNoun
ঘূৰণীয়া বা প্ৰায় ঘূৰণীয়া চেপেটা আৰু পাতল স্বাভাবিক বা গঢ়া বস্ত্ত; যেনে-"কৰ্দ্দৈৰ চকলা পাত। ৰূপৰে চকলা নেপালে মানে পইছাত নিদিম ঐ হাত"
a round or nearly round thin and flat thing
- চকলা বান্ধ্
গাৰ ছালত ঘূৰণীয়া সাঁচ হ
to form a round spot on the body
- চকলা-চকলcakalā-cakalaAdjective
চেপেটা পাতল পাতল খণ্ড
cut into many slices
- চকলা-চকল কৰ্so.ko.la-so.kol korVerb-Trans.
নিচেই পাতলকৈ চকল কৰা ।
A thin flat piece cut off of some object.
- চকলা-চকলেAdverb
অনেক পাতল পাতল খণ্ড কৰি
cutting into many slices
- চকলা-টেঙাcakalā-ṭeṅāNoun
সুমথিৰা টেঙাতকৈ অলপ ডাঙৰ আৰু পকিলে সেই নিচিনা বৰণ ধৰা এবিধ তিতিকি তিতিকি আৰু বেজ বেজ কৰে টেঙা ফল আৰু তাৰ গছ
the bitter orange
- চকলানিNoun
চকলা-টেঙাৰ বাৰী; বহুত চকলা-টেঙা থকা ঠাই
an orchard of the bitter orange
- চকলিয়াcakaliẏāTransitive verb
চকলা-চকল কৰ্; পাতলকৈ ডোখৰ ডোখৰ কৰ্; পতহিয়া
to slice
- চকলীয়াcakalīẏāAdjective
চেপেটা আৰু ঘূৰণীয়া আকাৰ; চাকলিৰ আকৱতিৰ; চকলা
round and flat
- চকলেটMaterial Noun
ভজা কাকাও বা ক`ক`ৱা গুটি অথবা তাৰ গুড়িৰ পৰা তৈয়াৰ কৰা এবিধ মিঠা সুস্বাদু খাদ্য
a food prepared as a paste or solid block made from roasted and ground cacao seeds, and generally sweetened
- চকাcakāNoun
পদুমৰ গুটিৰ আধাৰ বা ভঁৰাল
the seed vessel of the lotus
- চকা মিস্ত্ৰীso.ka mis.triCommon Noun
চকা বনোৱা আৰু মেৰামতি কৰা লোক৷
a person who makes and mends wheels.
- চকা মেকানিকso.ka me.ka.nikCommon Noun
চকা বনোৱা আৰু মেৰামতি কৰা লোক৷
a person who makes and mends wheels.
- চকা-চমকাকৈso.ka-so.mo.ka.koiAdverb
ভালদৰে স্পষ্টকৈ নেদেখাকৈ; চকুৰে ভালকৈ মণিব নোৱাৰা ধৰণে৷
in a blurred manner; in a way not capable of being clearly distinguished, as by the eyes.