কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সগুণsaguṇaAdjective
সত্ত্ব, ৰজঃ, তমঃ-এই তিনি গুণ-সম্পন্ন; সগুণা বিণ্ব. গুণ-থাকা; ৰাজসিক; কামনামূলক (ভকতি); যেনে-"সগুণা নিৰ্গুণা ভকতি প্ৰকাশে চখু অপাৰ" (ৰত্নাবলী)।
- সগুণী-লতাsaguṇī-latāNoun
আমৈলতা; শগুণীলতা।
- সগোত্ৰsagotraAdjective
একে বংশৰ একেজনা আদি পুৰুষ বা ঋষিৰপৰা বঢ়া
descended from one common. progenitor
- সগোত্ৰীয়xo.go`t.ri.yoCommon Noun
তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।
a person who is connected with another or others by blood or marriage.
- সগৌৰৱেxo.gou.ro.beAdverb
গৌৰৱ সহকাৰে বা গৌৰৱ অনুভৱ কৰি।
with the feeling of satisfaction and pride.
- সগৰsagaraNoun
সূৰ্য্যবংশৰ বাহু ৰজাৰ পুতেক [এওঁৰ ষাঠি হাজাৰ পুতেক কপিলৰ শাপত ভস্ম হোবাত তেওঁৰ পৰিনাতিয়েক ভগীৰথে স্বৰ্গৰপৰা গঙ্গা আনি তেওঁলোকক উদ্ধাৰ কৰে বুলি পুৰাণত লিখা আছে; এওঁ গৰ্ভত থাকোঁতে মাকক বিমাতাই বিহ [সং. গৰ, গৰল] খুবাইছিল; এই বিহেৰে সৈতে জন্ম বুলি এই নাম।]
a king of the solar race and great- grand-father of Bhagīratha
- সগৰ্ভxo.gor.bhoCommon Noun
একে মাকৰ সন্তান
Two brothers of the same mother.
- সগৰ্ভাsagarbhāAdjective
পেটত সন্তান থকা; গৰ্ভবতী; গা-ভাৰী
pregnant
- সগৰ্ভা হxo.gor.bha hoVerb-Intran.
To become pregnant (with)
- সঘনsaghanaAdjective
ঘনে ঘনে হোবা; বাৰে বাৰে হোবা; পুনঃ পুনঃ হোবা; বাৰস্বাৰ; . ক্ৰি. বিণ. সঘনে, সঘনাই।
frequent
- সঘনাইxo.gho.naiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- সঘনেxo.gho.neAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- সঙাহৰকxo.nga.ho.rokAbstract Noun
বিষ নিবাৰণৰ বাবে অনুভূতি নাইকিয়া কৰা কোনো ব্যৱস্থা।
any method prevent sensation to eliminate pain.
- সঙ্কটsaṅkaṭaNoun
আপদ; বিপত্তি; বিপদ; টান; . সঙ্কটাপন্ন বিণ. বিপদত পৰা; . উভয়-সংকট দুয়োফালে সংকট
distress; difficulty; danger ; fallen in danger or difficulty ; a dilemma
- সঙ্কটজনকxong.kot.jo.nokProper Adj.
বিপদত পৰা বা গভীৰ বিপদ ঘটাব পৰা
of or forming a crisis; e.g. critical condition, critical illness etc.
- সঙ্কটাপন্নxong.ko.ta.pon.noProper Adj.
বিপদত পৰা বা গভীৰ বিপদ ঘটাব পৰা
of or forming a crisis; e.g. critical condition, critical illness etc.
- সঙ্কলনxong.ko.lonVerbal Noun
বিভিন্ন লিখনি বা অন্য প্ৰকাশযোগ্য বস্তু সংগ্ৰহ কৰি যুগুত কৰা কিতাপ আদি
A book etc. produced by collecting materials, articles, etc.
- সঙ্কল্saṅkalTransitive verb
ত্যাগ কৰা; য়েনে-"একপাত শৰে বালী সঙ্কলিলা জীব" (কীৰ্ত্তন)।
- সঙ্কল্পsaṅkalpaNoun
কোনো কাম কৰিবলৈ কৰা দৱঢ় ইচ্ছা বা কল্পনা
a mental resolve
- সঙ্কল্পিতxong.kol.pi.toProper Adj.
উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Showing determination or firmness of purpose