কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চত্sotVerb-Intran.
কিহবাৰ ওপৰত বা ওপৰলৈ উঠি যা
To go up or onto the top of something
- চত্বতাcatbatāIntransitive verb
চঞ্চল হ; চঞ্চল হৈ ফুৰ্
to be restless; to move restlessly; to fidget
- চত্বতীয়াcatbatīẏāAdjective
অস্হিৰ; চঞ্চল; অশান্ত; যেনে-"ল'ৰাটো বৰ চত্বতীয়া"
unsteady; fidgety
- চত্বাৰিংশsot.ba.ring.xoAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- চত্বাৰিংশত্তমsot.ba.ring.xot.tomAbstract Noun
দহ আৰু চাৰিৰ পূৰণফল বুজোৱা সংখ্যাটো - ৪০ ৷
The cardinal number that is the product of ten and four - 40.
- চত্বাৰিংশৎcatbāriṃśatNoun
চল্লিশ; দুকুৰি
forty
- চতৰাcatarāAdjective
চতুৰ
skilful
- চতৰ্বতৰso.tor.bo.torVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- চদিৰMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- চনcanaNoun
বছৰ
year
- চন-পৰাson-poraProper Adj.
বহুদিন ধৰি খেতি-বাতি নকৰাকৈ পৰি থকা (মাটি)
(land) remaining uncultivated for a long time
- চন-বলিয়াcana-baliẏāAdjective
চেৰা-বলিয়া
half-witted
- চন-মূৰcana-mūraNoun
খঙত নিজক বা আনৰ দোষ দি কৰা বেজাৰ
fretting; bitter self reproach
- চন-মূৰ কৰ্, চন-মূৰ, উৎপাত কৰ্
খঙত দুখ, কষ্ট বা বেয়া কথা কৈ বেজাৰ কৰ্
to grumble bitterly; to murmur
- চনকাAdjective
অলপতে ভগা; চঞ্চনীয়া
brittle; easily broken
- চনচনীয়াson.so.ni.yaProper Adj.
কম স্থিতিস্থাপক গুণযুক্ত সহজতে ভাগি যোৱা বস্তু |
Having little elasticity; hence easily cracked or fractured or snapped.
- চনদcanadaNoun
ৰজাৰ হুকুম বা আদেশ থকা পত্ৰ
a charter; a formal written paper conferring or confirming titles, rights or privileges
- চনমুৰson.murAbstract Noun
খঙেৰে নিজক বা আনক দোষ দি কৰা বেজাৰ ৷
an irritated state of mind.
- চনিcaniNoun
বেলি; কোনো এক কাৰ্য্য কৰা কাল; যেনে-"সি টকাৰ নিমিত্তে মোৰ ওচৰলৈ কেইবাচনিও আহিল"
a time
- চন্sonVerb-Trans.
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered