কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাঁজ খা, খাঁজ ল
খাঁজত বা খোলনিত সোমাই আট খাই ধৰ্; খাঁজ খাই ধৰ্; সোলোক-ঢোলোক নোহোবাকৈ বা টান হৈ লাগি ধৰ্
to fit in tightly, as tenson and mortise; to settle firmly
- খাঁজ খাই পৰ্kha~j khai porVerb-Trans.
সোলোক-ঢোলোক নোহোৱাকৈ বা টান হৈ লাগি ধৰ্
to fit tightly without being loose
- খাঁজ লৰ্
খাঁজ খাই বা টান হৈ লাগি নেথাকি ঢিলা বা সোলোক-ঢোলোক হ; শোলা হ
to become loose or slack
- খাঁজ-কটাAdjective
খোপ-কটা; খোপ বা খাঁজ কাটি চিয়াঁকৈ দিয়া
notched
- খাঁজ-খোপkhām̐ja-khopaNoun
য'ত যেতিয়া যেনে হ'ব লাগে তেনে হোবা অবস্হা বা গুণ; ঠিক-ঠাক; জোৰা-জোখা; যেনে-"তেওঁ খাঁজ-খোপ লগাই কথা ক'ব পাৰে"
the state or quality of being exactly fit or proper
- খাঁজি-খোবাkhām̐ji-khobāNoun
বাটৰুবাই এসাজ খাই বিশ্ৰাম কৰিবৰ নিমিত্তে বাট সাজি থোবা ঘৰ
a rest house
- খাঁজে-খোপেAdverb
যেনে-"কথাষাৰ খাঁজে-খোপে খাই পৰিছে"।
- খাঁজ্khām̐jTransitive verb
হিলৈত খাৰ-গুলী ঠাহি ভৰা
to load; as a gun
- খাঁটিkhām̐ṭiAdjective
বিশুদ্ধ
pure
- খাঁৰীkhām̐rīAdjective
"খঁৰা" চোবাঁ।
- খাংkhām
খঁৰা; এবিধ বাঁহৰ কাঠীৰ সঁজুলি
a hamper; a kind of bamboo basket
- খাইkhāiNoun
খাবে
a ditch; a trench
- খাই ঠোঁট এছাৰাkhai.tho`~t e.sa.raProper Adj.
আনে কৰা উপকাৰ স্বীকাৰ নকৰা অথবা উপকাৰৰ সলনি অপকাৰ কৰা
Not feeling or showing gratitude
- খাই তেলkhai telAbstract Noun
Oil extracted from mustard seed and generally used for cooking in Eastern India.
- খাই ধৰ্khāi, dhar
লিখিত খাই লাগি ধৰ্; মিলি পৰ্
to suit or fit properly
- খাই পাত ফাল্khāi, pāta, phāl
অশলাগী হ; উপকাৰ পাই গুণ নল; অকৱতজ্ঞ হ
to be ungrateful
- খাই মাৰkhai marVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- খাই মাৰ্khāi, mār
অতিশয় প্ৰাৰ্থনা বা ভিক্ষাৰ দ্বাৰা আমনি বা বিৰক্তি দি
to vex by strong and insisting prayer or request
- খাই-গাহৰিkhai-ga.ho.riProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- খাই-তেলkhāi-telaNoun
খোবা বা খোবাৰ উপযুক্ত তেল; মিঠা তেল; সৰিষহ তেল
edible oil; mustard oil