কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিন্দ্phin.doVerb-Intran.
সাধাৰণ আকাৰতকৈ ডাঙৰ হৈ পৰ্
to become larger and rounder than usual; to (cause to) increase in size or amount
- ফিল্টাৰphil.tarMaterial Noun
কঠিন পদাৰ্থ মিহলি জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা আহিলা বা যন্ত্ৰ।
an equipment for separating solid particles from liquid-solid mixture.
- ফিল্মphilmaNoun
আলোক-চিত্ৰ তোলা পাত; চলচ্চিত্ৰ; বোলছবি
film
- ফিৰত ্phirata
উলটি অহা
coming back
- ফিৰফিৰীয়াphiraphirīẏāAdjective
ৰিব্ৰিবীয়া; অলপকৈ বলা (বতাহ)
lightly blowing (as wind)
- ফিৰাphirāIntransitive verb
ফুৰণি ধৰ্; যেনে-"শিৰ ফিৰাবতঃ নয়ন বুলাবতঃ ঘন ঘন আবত হামি" (বৰগীত)
to feel giddy or whirling of the head
- ফিৰাই দেphi.rai deVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- ফিৰিঙতিphiriṅatiNoun
জুইৰপৰা ছিটিকি অহা সৰু আঙঠা; জুইৰ কণিকা
a spark of fire
- ফিৰিঙতিৰপৰা খাণ্ডব দাহ
সামান্য ফাৰণৰপৰা ডাঙৰ ঘটনা।
- ফিৰিঙিphi.ri.ngiCommon Noun
ইংলেণ্ড দেশৰ বাসিন্দা।
primarily inhabitants of Britain.
- ফিৰিঙী ৰোগphi.ri.ngi ro`gAbstract Noun
যৌন সংগমৰ জৰিয়তে বিয়পা এবিধ সংক্ৰামক ৰোগ, যি যৌনাংগৰ পৰা গোটেই গালৈকে সোঁচৰিত হয়।
a sexually transmitted disease which spreads from the sex organ to whole body.
- ফিৰিঙ্গীphiriṅgīNoun
ইউৰোপীয় আৰু ভাৰতীয় জাতিৰ সংস্ৰবত ওপজা জাতি বা মানুহ
Eurasian
- ফিৰিষ্টাphi.ris.taCommon Noun
যাদুকৰী শক্তি থকা, টেঙৰ আৰু বুদ্ধিমান সৰু মানৱৰূপী এক কাল্পনিক অস্তিত্ব।
A tiny imaginary being in human form, depicted as clever, mischievous, and possessing magical powers.
- ফিৰিস্তিphiristiNoun
গুচৰীয়া বা পদকীয়াই বিচাৰকৰ আগত দাখিল কৰা কাকতৰ তালিকা
a list of papers or documents submitted before the court
- ফিৰ্phirIntransitive verb
ফুৰ্; ভ্ৰমণ কৰ্
to walk about
- ফিৰ্ফিৰিphirphiriNoun
বাঁহৰ সৰু ডাঁৰ বা কাঠীৰ মূৰত ওলমাই দিয়া পাতল কাকত বা কাপোৰৰ টুকুৰা; পতাকা
a flag used by children
- ফিৰ্Verb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state
- ফুphuNoun
ওঁঠ চপাই মুখেদি জোৰেৰে বাজ কৰা বায়ু
the current of air produced in blowing
- ফু কৰ্phu korVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.
- ফু দেphu deVerb-Trans.
মুখেৰে বায়ু বা গেছীয় পদাৰ্থ জোৰে বাহিৰলৈ উলিয়া|
to send forth a current of air or other gas.