কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘূণীয়াghu.niaProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- ঘূণে-খোৱাghu.ne-kho`.waVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূণে-ধৰাghu.ne-dho.raVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূলিghu.liAbstract Noun
কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।
Circular motion of a liquid or gas.
- ঘূৰ-পাকghūra-pākaNoun
বেগাই মৰা পাক; ঠাইতে ঘূৰি মৰা পাক; খৰলি-পাক
a quick turn without moving forward
- ঘূৰণNoun
ঘূৰা কাৰ্য্য
the act of revolving or turning
- ঘূৰণিNoun
ঘূৰা কাৰ্য্য
act of turning or revolving
- ঘূৰণীয়াAdjective
চক্ৰাকৱতি; মণ্ডলাকাৰ; গোলাকাৰ
circular; round
- ঘূৰণীয়া কৃমিghu.ro.ni.ya kri.miCommon Noun
দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত, নলীসদৃশ আৰু দুই প্ৰান্ত জোঙা নাইবা সূতাৰ আকৃতিৰ পেলু জাতীয় প্ৰাণীৰ এক পৰ্ব
a phylum including the nematodes and horsehair worms, which are all more or less wormlike animals with a cylindrical unsegmented body covered by an ectoderm without cilia that secretes an external cuticle
- ঘূৰণীয়া পেলুghu.ro.ni.ya pe.luCommon Noun
দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত, নলীসদৃশ আৰু দুই প্ৰান্ত জোঙা নাইবা সূতাৰ আকৃতিৰ পেলু জাতীয় প্ৰাণীৰ এক পৰ্ব
a phylum including the nematodes and horsehair worms, which are all more or less wormlike animals with a cylindrical unsegmented body covered by an ectoderm without cilia that secretes an external cuticle
- ঘূৰাghūrāTransitive verb
পাক খুবা; পকা
to cause to revolve
- ঘূৰা-ঘূৰিghūrā-ghūriNoun
অহা-যোবা
coming and going back often; moving hither and thither
- ঘূৰাই আন্
ওলটাই আন্
to take or bring back
- ঘূৰাই পকাইghu.rai po.kaiAdverb
সৰল পথ এৰি বেঁকা বেঁকি পথ লোৱা ৷
In a zigzag way, avoiding the straight route, by one way or another.
- ঘূৰাই লVerb-Trans.
কোনো আইন বা নীতি ৰদ্ কৰ্ বা উঠাই ল
to reverse or cancel a policy or law
- ঘূৰিghūriNoun
মেখেলাৰ সদৱশ কিন্ত্ত ওপৰ অৰ্থাৎ কঁকালৰ ফালে কোঁচ থকা মতাই ভাবনা আদিত পিন্ধা এবিধ কাপোৰ; ঘাগৰি
a petticoat worn by males on occasions
- ঘূৰি আহ্ghūri, āh
উলটি আহ্; ঘূৰি আহ্
to turn back; to come back
- ঘূৰি ঘুৰিghūri, ghuriAdverb
অনেকবাৰ; বাৰে বাৰে; পুনঃ পুনঃ
again and again; repeatedly
- ঘূৰি ফুৰ্ghūri, phur
অকাই-পকাই ফুৰ্ অহা-যোবা কৰি ফুৰ্
to go about; to walk hither and thither
- ঘূৰি যাghu.ri jaVerb-Intran.
আগেয়ে অৱস্থান কৰা ঠাই, স্থান বা অৱস্থালৈ পুণৰ অহা বা যোৱা
to go or come back, as to a former place, position, or state