কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্-ut-Indeclinable
ওপৰ; যেনে-"উল্লঙ্ঘন"
above; on; upon
- উত্কটutkaṭaAdjective
বিষম; ভয়ঙ্কৰ; বৰ ডাঙৰ; অসাধাৰণ।
grotesque; dangerous; terrible; extra-ordinary
- উত্কণ্ঠাutkaṇṭhāNoun
অস্হিৰতা; উগুল-থুগুল; উতল-পাতল; চিন্তা ভাবনা
anxiety; uneasiness
- উত্কণ্ঠিতAdjective
ব্যাকুল; চিন্তিত; উগুল-থুগুল
uneasy; anxious
- উত্কলutkalaNoun
উৰিষ্যা দেশ
Orissa
- উত্কলিতut.ko.li.toProper Adj.
বতাহ, তাপ বা অনুভূতিৰ প্ৰভাৱত তীব্ৰভাৱে আন্দোলিত
moved or disturbed violently due to wind, temperature or feelings
- উত্কৃষ্টut.kris.toProper Adj.
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
Extremely good in quality or characteristics.
- উত্কেন্দ্ৰিকut.ken.drikVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- উত্কেন্দ্ৰিকতাut.ken.dri.ko.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- উত্কোচutkocaNoun
ভেটি
bribe
- উত্ক্ৰমut.kromAbstract Noun
the state of having no particular order or plan
- উত্কৰ্ষutkarṣaNoun
প্ৰধানতা; উত্তমতা; শ্ৰেষ্ঠতা
excellence
- উত্কৰ্ষসাধনut.kor.xo.xa.dhonAbstract Noun
আগলৈ যোৱা কাৰ্য্য
an act of moving forward
- উত্কৱষ্টutkawaṣṭaAdjective
সুচাৰু; ভাল গুণ-যুক্ত; উত্তম; শ্ৰেষ্ঠ
excellent; of superior quality
- উত্খাত কৰ্ut.khat korVerb-Trans.
কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷
to destroy something completely.
- উত্তপ্তuttaptaAdjective
অতি তাপ-যুক্ত; অতি উষ্ণ; বৰ তপত
very hot
- উত্তমuttamaAdjective
সবাতকৈ ভাল; শ্ৰেষ্ঠ; বিশিষ্ট
best; excellent; superior
- উত্তমতাut.to.mo.taAbstract Noun
অতি ভাল বা শুভ হোৱা অৱস্থা৷
quality of being excellent;supreme quality; great merit
- উত্তমশ্লোকuttamaślokaAdjective
পুণ্যশ্লোক; পবিত্ৰ-কীৰ্ত্তি; . বি. ঈশ্বৰ; বিষ্ণু; মহাপুৰুষ; যেনে-"শুক নিগদতি পৰীক্ষিত; যদি আমি নিৰ্গুণত স্হিত; তথাপি উত্তমশ্লোকৰ মহিমাগুণে" (নাম-ঘোষা)
Most Holy ; God; Viṣṇu
- উত্তমাংগut.to.man.goMaterial Noun
মগজু, আৰু চকু, কাণ, নাক, মুখ আৰু হনু ধাৰণ কৰা মেৰুদণ্ডী প্ৰাণীৰ দেহৰ আটাইতকৈ ওপৰৰ অথবা সমুখৰ অংশ
The uppermost or forwardmost part of the body of a vertebrate, containing the brain and the eyes, ears, nose, mouth, and jaws.