কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নমিনীCommon Noun
a person nominated, as to run for elective office or fill a particular post.
- নমুচিno.mu.siProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- নমুনাnamunāNoun
আদৰ্শ; আৰ্হি
a sample
- নমোnamoNoun
প্ৰণাম।
- নমোৱাno.mo`.waVerbal Noun
ইন্টাৰনেটৰ পৰা কোনো বস্তু, ফাইল, তথ্য নিজৰ কম্পিউটাৰলৈ অনা কাৰ্য্য
the act or process of downloading data from one computer system to another, typically over the Internet.
- নম্namTransitive verb
প্ৰণাম কৰ্
to salute; to make coeisance
- নম্বৰnambaraNoun
সংখ্যা; চিন
number; mark
- নম্বৰীAdjective
কোনো বিশেষ নম্বৰ বা চিন থকা
marked
- নম্যno.myoProper Adj.
উগ্ৰ নোহোৱা, অৰ্থাত্ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ
very humble and gentle, without much aggression.
- নম্ৰnamraAdjective
নত; দোঁ খাই পকা
bent down
- নম্ৰতাnom.ro.taAbstract Noun
বিনয়ী গুণ; নিজৰ গুৰুত্ব, পদবী আদি সম্পৰ্কে বিনয়ী মত বা অনুভৱ।
the quality of being humble; modest opinion or estimate of one's own importance, rank, etc.
- নম্ৰভাৱnom.ro.bhabAbstract Noun
বিনয়ী গুণ; নিজৰ গুৰুত্ব, পদবী আদি সম্পৰ্কে বিনয়ী মত বা অনুভৱ।
the quality of being humble; modest opinion or estimate of one's own importance, rank, etc.
- নম্ৰভাৱেnom.ro.bha.beAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- নমৰাকৈ থাক্no.mo.ra.koi thakVerb-Intran.
জীৱন অব্যাহত ৰাখ্
to be alive; to continue life
- নলnalaNoun
এবিধ ফোঁপোলা খাগৰি জাতিৰ তৱণ
a kind of reed : Phragmites rosiburgii, or Arundo karka
- নল খাগৰি ভাটৌnol kha.go.ri bha.touProper Noun
কেবল উঃপূব ভাৰতত পোৱা প্ৰায় চাৰে সাত ইঞ্চি দীঘল এবিধ বিৰল প্ৰজাতিৰ মুগা বৰণীয়া চৰাই| কাজিৰঙা, ডিব্ৰু-চৈখোৱা অভয়াৰন্যত দেখা যায়|
a brown colored rare bird of northeastern India numbering less than10,000 and threatened by habitat loss and degradation. Found in Kaziranga, Dibru-Saikhowa and D'Ering Wildlife sanctuaries.
- নল-কচুnala-kacuNoun
"কচু" চোবাঁ।
- নল-গাহৰিnol-ga.ho.riCommon Noun
এবিধ গাহৰিৰ নিচিনা মুখৰ পাঁচ নখীয়া সৰু বনৰীয়া জন্তু৷ এটা ডাঙৰ নল-গাহৰি ১.৬ ফুট ওখ হয়৷
The smallest suid known of the order Artiodactyla, of the family Suidae. Scientific name: Sus salvanius. This endangered species is found in Assam only.
- নল-দঁতাnol-do~.taVerbal Adj.
সৰু দাঁত থকা বা পোৱালি দঁতাল হাতী।
a male elephant with small or slender tusks.
- নল-দুৰাnala-durāNoun
এজাতি বামত থকা দুৰা কাছ
a kind of turtle