কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টিপ্ṭipTransitive verb
আঙুলিৰে হেঁচ্ বা চেপ্
to press with the fingers or toes; to squeeze
- টিপ্পনীṭippanīNoun
টীকা; কোনো পুথিৰ অৰ্থ বুজোবা সংক্ষেপ ব্যাখ্যা বা পুথি
a commentary
- টিপ্পনী কাকতtip.po.ni ka.kotMaterial Noun
চৰকাৰী কাম কাজৰ খতিয়ান লিখিবলৈ,কামৰ বাবে বৰমূৰীয়া বিষয়াৰ পৰা অনুমতি বিচাৰি টিপ্পনী লেখা কাকত।
plain paper used in government offices to write official notes (for record, information and to get approval by superior officer for different activities).
- টিফাইṭiphāiNoun
জুই ধৰিবৰ নিমিত্তে লো বা মাটিৰে সাজি লোবা জুহাল
a portable fire-place
- টিফিনṭiphinaNoun
পঢ়াশালি বা কাৰ্য্যালয়ত পিছ বেলা খোবা পাতল আহাৰ।
tiffin
- টিবিti.biAbstract Noun
মাইক`বেক্টেৰিয়াম টিউবাৰকুল`ছিচ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা বিশেষকৈ হাওঁফাওঁত হোৱা এক প্ৰকাৰ বীজাণুজনিত ৰোগ।
an infectious disease that may affect almost any tissue of the body, esp. the lungs, caused by the organism Mycobacterium tuberculosis, and characterized by tubercles.
- টিভিti.bhiMaterial Noun
চলন্ত ছবি আৰু শব্দ বহু দূৰলৈকে পঠোৱা আৰু গ্ৰহণ কৰাৰ বাবে বহুলভাৱে ব্যৱহৃত এক দূৰ-সংযোগ পদ্ধতি।
A widely used telecommunication system for broadcasting and receiving moving pictures and sound over a distance.
- টিমকṭimakaAdjective
চতুৰ; চকুৰ ইঙ্গিতেতে বুজা; টেঙৰ
sharp; intelligent
- টিলাṭilāNoun
সৰু চাপৰ পৰ্ব্বত; বৰ ওখ ডাঙৰ হাঁফলু
a hillock
- টিলাই-কাঠṭilāi-kāṭhaNoun
মৰলীয়া গছৰ পাতৰ নিচিনা কিন্ত্ত তাতকৈ কিছু সৰু পাতেৰে এবিধ পোলোঙা সৰু বনৰীয়া গছ
a kind of shrub
- টিলিংṭilimNoun
টিলিঙা বা ঘণ্টাৰ শব্দৰ নিচিনা মাত
an imitative word used to express the ringing sound of a small bell
- টিলিংখপṭiliṅkhapaNoun
খুঁটিতাল বজালে হোবাৰ নিচিনা শব্দ
a sound like that of small cymbals clasped together
- টিলিকাṭilikāNoun
ঘিটিৰা; চুটি-চাপৰ; বাঢ়িব নোবৰা; সৰু; ; কম বয়সৰ মাছ বা আন সৰু বস্ত্ত বুজোবা উপশব্দ; যেনে-কাবৈ-টিলিকা
stunted; dwarf; small ; a definitive affix to denote a small fish or thing
- টিলিকিṭilikiNoun
বুঢ়া আৰু মাজৰ আঙুলি ঘঁহাই বা যঁজাই কৰা শব্দ
the snapping of the fingers
- টিলিকি মাৰ্ti.li.ki marVerb-Intran.
বুঢ়া আৰু মাজৰ আঙুলিক লগ-লগাই শব্দ কৰ্
To snap or blow lightly by pressing a fingertip against the thumb and suddenly releasing it.
- টিলিকি মাৰ্, টিলিকিয়া
বুঢ়া আৰু মাজৰ আঙুলি ঘঁহাই বা যুঁজাই শব্দ কৰ্; . কৱদ
to snap the fingers
- টিলিঙাṭiliṅāNoun
ঘণ্টা
a bell
- টিলিঙা জৱাti.li.nga jo.baCommon Noun
জৱা ফুলৰ এবিধ প্ৰজাতি৷ অসমত সহজতে উপলব্ধ৷
A species of flowering plant in the hibiscus family, Malvaceae, that is native to the Southeastern United States, Mexico, Central America, and South America.
- টিলৌ-টিপৌṭilau-ṭipauAdjective
সৰু সৰু; আমা-ডিমা (কেইবাটাও ল'ৰা- ছোবালী)
small; little (said of several children)
- টিল্ঘিলাṭilghilāIntransitive verb
ওপৰঞ্চি বা শাসন নথকাৰ বাবে মুকলি মূৰে ধেমালি কৰি ফুৰ্; . কৱদ
to play or strut about without restraint