কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইলেক্ট্ৰনিকi.lek.tro.nicProper Adj.
of or pertaining to electronics or to devices, circuits, or systems developed through electronics.
- ইলেক্ট্ৰনিক্সelek.tro.niksAbstract Noun
অৰ্দ্ধপৰিবাহী ধাতুৰ লগত জড়িত পদাৰ্থ বিজ্ঞান ৷
Physics related with semiconductors.
- ইলেক্ট্ৰিকilekṭrikaAdjective
বৈদ্যুতিক
electric
- ইলেটি-সিলেটিileṭi-sileṭiAdjective
বৰ বিশৱঙ্খল; কেয়োফালে জোঁট লগা; বৰ লেটি-পেটি
too much mixed up or out of order
- ইলোৰাi.lo`.raProper Noun
ইলোৰা গুহাসমূহ বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সাংস্কৃতিক কলাৰ এটি মিশ্ৰ কেন্দ্ৰ৷ ইলোৰা মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ চহৰৰ পৰা ৩০ কিলোমিটাৰ (১৮.৬ মাইল) দূৰত্বত অৱস্থিত এটা প্ৰত্নতাত্ত্বিক নিদৰ্শন৷ ইয়াত মুঠ ৩৪ টা মঠ আৰু মন্দিৰ আছে যিসমূহ উচ্চ থিয় দেৱালৰ গাত পৰস্পৰৰ প্ৰায় গাত লগা-লগিকৈ খোদিত৷
Ellora is an archaeological site 29 km north-west of the city of Aurangabad in the Indian state of Maharashtra, built by the Rashtrakuta dynasty and Yadav. It is also known as Elapura in the Rashtrakuta Kannada literature.The Ellora Caves are an impressive complex of Buddhist, Hindu and Jain cave temples built between the 6th and 10th centuries AD near the ancient Indian
- ইলোৰা গুহাi.lo`.ra gu.haProper Noun

- ইল্বলilbalaNoun
এটা অসূৰ [ইয়াৰ কনিষ্ঠ ভাইৰ নাম বাতাপি। ইল্বলে বামুণৰ ৰূপ ধৰি ঘৰত শৰাধ-কৰ্ম্ম হৈছে বুলি ঋষি-মুনিসকলক মাতি আনে। ইপিনে বাতাপিয়ে মায়া কৰি এটা মেৰ ছাগৰ ৰূপ ধৰে; পাছে ইল্বলে এই ছাগৰ মাংস ৰান্ধি ঋষিসকলৰ খুবায়। তাৰ পাছত মন্ত্ৰেৰে "আহ্ আহ্" বুলি মাতিবলৈ ধৰে; তেতিয়া বাতাপিয়ে ঋষিসকলৰ পেট ফালি ওলাই আহে আৰু এইদৰে ঋষিসকলক বধ কৰা হয়। কিন্ত্ত এদিন মহাতেজস্বী অগস্তি মুনিয়ে বাতাপিৰ মাংস খাই, তাক পেটত জীৰ্ণ কৰি বাতাপিক বধ কৰিলে]।
- ইশাi.xaAbstract Noun
মুছলমান সকলৰ ৰাতিৰ নামাজৰ সময়
The late evening time of prayer for the Mohammedans
- ইষদৃষ্টAbstract Noun
jealous eyes
- ইষিকiṣikaNoun
কুশ; ইকৰা; খাগৰি; যেনে-"মন্ত্ৰ পঢ়ি মাৰিলেক ইষিকৰ বাণ" (মা. ক. অযোধ্যাকাণ্ড)
the holy or sacrificial grass; poa cynosuzoides
- ইষিকাiṣikāNoun
কুশ; ইকৰা; খাগৰি; যেনে-"মন্ত্ৰ পঢ়ি মাৰিলেক ইষিকৰ বাণ" (মা. ক. অযোধ্যাকাণ্ড)
the holy or sacrificial grass; poa cynosuzoides
- ইষুiṣuNoun
শৰ; বাণ
an arrow
- ইষুধিiṣudhiNoun
টোন
a quiver
- ইষ্টiṣṭaAdjective
বাঞ্ছিত
wished for; desired
- ইষ্ট ইণ্ডিজist in.dijProper Noun
পৃথিৱীৰ বৃহত্তম দ্বীপপুঞ্জ৷ মালয়েচিয়া, ইন্দোনেচিয়াৰ প্ৰায় ১৭,০০০ আৰু ফিলিপাইনৰ প্ৰায় ৭,০০০ দ্বীপৰ দ্বাৰা গঠিত৷
The Malay Archipelago is the archipelago between mainland Southeast Asia and Australia. It has also been called the Malay World, Indo-Australian Archipelago, East Indies, Nusantara, Spices Archipelago, and other names over time. The name was taken from the 19th-century European concept of a Malay race.
- ইষ্ট-মিত্ৰis.to-mi.troCommon Noun
একেলগে থকা বা ফুৰা ব্যক্তিসকল ৷
a friend,colleague or a companion
- ইষ্টকুটুম্বis.to.ku.tum.boCommon Noun
তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।
a person who is connected with another or others by blood or marriage.
- ইষ্টকৰ্মis.to.dhor.moAbstract Noun
অভিলষিত কৰ্ম
an intended work, a desired work
- ইষ্টগুৰুNoun
আপোনাৰ ধৰ্ম্মশিক্ষক; নিজক শৰণ লগোবা গুৰু
one's own religious teacher
- ইষ্টতা
বন্ধুতা
friendship