← ফুৰি যাওক

ইল্বল

ilbala

অৰ্থ

1.

এটা অসূৰ [ইয়াৰ কনিষ্ঠ ভাইৰ নাম বাতাপি। ইল্বলে বামুণৰ ৰূপ ধৰি ঘৰত শৰাধ-কৰ্ম্ম হৈছে বুলি ঋষি-মুনিসকলক মাতি আনে। ইপিনে বাতাপিয়ে মায়া কৰি এটা মেৰ ছাগৰ ৰূপ ধৰে; পাছে ইল্বলে এই ছাগৰ মাংস ৰান্ধি ঋষিসকলৰ খুবায়। তাৰ পাছত মন্ত্ৰেৰে "আহ্ আহ্" বুলি মাতিবলৈ ধৰে; তেতিয়া বাতাপিয়ে ঋষিসকলৰ পেট ফালি ওলাই আহে আৰু এইদৰে ঋষিসকলক বধ কৰা হয়। কিন্ত্ত এদিন মহাতেজস্বী অগস্তি মুনিয়ে বাতাপিৰ মাংস খাই, তাক পেটত জীৰ্ণ কৰি বাতাপিক বধ কৰিলে]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ