কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দময়ন্তীdamaẏantīNoun
নল ৰজাৰ ভাৰ্য্যা; বিদৰ্ভ ৰজাৰ জীয়েক
the wife of King Nala
- দমৰাdamarāNoun
উদাঁত বলদ; কম বয়সৰ বন নলগোবা মতা গৰু
a young bull
- দর্পdor.poAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- দর্পিতdor.pitAbstract Noun
নিজৰ গুণ আদিক লৈ ভাল অনুভৱ কৰা৷
Feeling or showing justifiable self-respect.
- দর্পীdor.piAbstract Noun
নিজৰ গুণ আদিক লৈ ভাল অনুভৱ কৰা৷
Feeling or showing justifiable self-respect.
- দর্শনীয়dor.xo.ni.yoProper Adj.
চাব লগীয়া বা চোৱাৰ যোগ্য
fit to be seen
- দলdalaNoun
পানীত বগাই ওপঙি থকা এবিধ ঘাঁহ
an aquatic grass
- দল দল কৰেdala, dala, kareAdverb
লৰ-চৰ নকৰাকৈ; নকন্দা-নকটাকৈ
quietly; without crying (said of an infant)
- দল হৰিণাdol ho.ri.naCommon Noun
জলাহত থাকি ভাল পোৱা ঠেঙৰ খুৰা বহল এজাতি ধুনীয়া ডাঙৰ শিঙৰ হৰিণ৷ ঘৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ কাৰণে মানুহে ইয়াৰ শিং সজায় থয়৷
The Barasingha or Barasinga is a species of deer, native to India and Nepal. In Assam in the North-East India, barasingha is traditionally known as dolhorina, similar to its English name (swamp deer) as dol in Assamese means swamp. In Central India it is called goinjak (stags) or gaoni (hinds). The Barasingha was previously seen across most of North and central India in areas of moist forest and swampland. With the destructions of its habitat, the Barasingha is now seen in isolated protected forests in Uttar Pradesh, Assam and Madhya Pradesh. The Barasingha is a medium sized deer. It can grow to a height of 130 cm and weigh up to 180 Kg. The Barasingha has a dense brown coat that keeps it warm and dry in its moist habitat. The coat of the male Barasingha becomes darker in color during the mating season. The antlers of an adult male Barasingha can grow up to 75cm long and can have more than 12 points.
- দল-কচুdala-kacuNoun
পানীৰ দাঁতিত হোবা দীঘল লতিৰ এবিধ কচু
a kind of arum
- দল-দোপdala-dopaNoun
ভৰি দিলে বহি যোবা আৰু আকৌ ওপৰলৈ উঠা গতি; হেঁচিলে তল যোবা আৰু আকৌ ওপঙি উঠা কাৰ্য্য; তল-ওপৰ কৰা কাৰ্য্য; হেন্দোলদোপ
an undulatory motion
- দল-বলNoun
নিজৰ পক্ষৰ লোক-সমূহ
group of supporters
- দল-ভুক্তdala-bhuktaAdjective
দলৰ অন্তৰ্ভুক্ত।
- দল-ম'ৰাdala-ma'rāNoun
ডাউকৰ সমান ডাঙৰ আৰু সেই গঢ়ৰ এবিধ পানীত বা দলনিত চৰা চৰাই
a kind of water-rail
- দলংdalamNoun
নৈ আদি পাৰ হ'বৰ নিমিত্তে দুই পাৰ জোৰাই খুঁটা পুতি বা ওলমাই সাজি দিয়া চাং; সাঁকো
a bridge
- দলকাচdalakācaNoun
এবিধ দ-মাটিত হোবা ৰঙা লাহী ধান
a variety of paddy
- দলগাঁওdol.ga~oProper Noun
দৰং জিলাৰ এখন উল্লেখযোগ্য স্থান৷
An important place in Darrang district of Assam.
- দলঘাঁহdol.gha~hProper Noun
পানীত ওপঙি থকা অথবা দ ঠাইত হোৱা এবিধ ঘাঁহ ৷ বৰষুণ নোহোৱা খৰালি দিনত গৰু-ম’হৰ খাদ্য ৰূপেও ব্যৱহাৰ কৰা হয় ৷
A perennial grass that run on wet ground, or float on water. It has value as a cool or dry season forage in seasonally inundated land, and can also be cut for silage.
- দলঙাdalaṅāNoun
দলঙৰ দৰে বাঁহৰ চছালিৰে বোবা মাছ ধৰা যতন; টেক
a kind of fish-trap
- দলডাঁহীdalaḍām̐hīNoun
ঋতু বা কন্যাকাল নোহোবাকৈ বুঢ়ী হোবা তিৰোতা
a woman becoming old without the appearance of catamenia