কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছিঙ্chiṅTransitive verb
দুই বা বেছি খণ্ড বা টুকুৰা কৰি বেলেগ কৰ্
to rend asunder; to tear; to break
- ছিঙৰাchiṅarāNoun
খাদ্য-বিশেষ।
- ছিচাsi.saMaterial Noun
চিলিকা, চিলিকেট, চ`ডা আৰু চূণেৰে তৈয়াৰী এক কঠিন, ভঙ্গুৰ, অস্ফটিক, প্ৰায় স্বচ্ছ পদাৰ্থ।
a hard, brittle, noncrystalline, more or less transparent substance produced from silica, silicates, soda and lime. The ordinary variety is used for windows and bottles.
- ছিছাchichāNoun
সৰু ডিঙি থকা কাচ বা বেলোলৰ দীঘল গোটা পাত্ৰ; বটল
a bottle
- ছিট-কাপোৰchiṭa-kāporaNoun
ছবিৰ ছাপ মৰা কাপোৰ।
- ছিটাsi.taAbstract Noun
দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যিকোনো দ্ৰৱ্য
any preparation used as a preventive inoculation to confer immunity against a specific disease, usually employing an innocuous form of the disease agent, as killed or weakened bacteria or viruses, to stimulate antibody production.
- ছিটা দিchiṭā, di
গাৰ ছাল কাটি বসন্তৰ বীজ লগা
to vaccinate
- ছিটা মাৰ্chiṭā, mār
ছটিয়া
to sprinkle
- ছিটাকৰণsi.ta.ko.ronVerbal Noun
মানুহ বা ঘৰচীয়া জীৱ-জন্তুৰ শৰীৰত আগেয়ে দোষমুক্ত বা অনিষ্টকাৰী গুণ নোহোৱা কৰি লোৱা জীৱাণু সুমুৱাই দি ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰা কাৰ্য্য
the introduction into humans or domestic animals of microorganisms that have previously been treated to make them harmless for the purpose of inducing the development of immunity
- ছিটিchiṭiNoun
চিতি-পাতি।
- ছিটিকনিNoun
উফৰি পৰা পানী বা জুলীয়া বস্ত্ত
splash
- ছিটিকাchiṭikāNoun
একণমান; এচিকটা; সৰু অংশ; যেনে -"এক ছিটিকা তামোল"
a small portion of anything
- ছিটিক্chiṭikIntransitive verb
উফৰি পৰ্; সিঁচৰতি হৈ পৰ্
to be scattered or sprinkled
- ছিটিপাটিchiṭipāṭiNoun
চিতি-পাতি।
- ছিডাৰ’ছিছsi.da.ro``.sisAbstract Noun
লো-তীখা উদ্যোগত কাম কৰা ব্যক্তিৰ দেহত হোৱা শ্বাসৰোগ৷
a disease of the lungs caused by inhaling iron or other metallic particles.
- ছিণ্ডালsin.dalCommon Noun
এবিধ সুগন্ধি ফল৷ পকিলে ভিতৰখন কোমল হয় আৰু পাতল হালধীয়া বৰণ লয়৷
an aromatic melon eaten as a fruit when its ripe and yellow
- ছিণ্ডিকেটsin.di.ketAbstract Noun
a group of people or companies who join together in order to share the cost of a particular business operation for which a large amount of money is needed.
- ছিণ্ড্chiṇḍTransitive verb
ছিঙ্; যেনে -"কুকুৰে খায় মাংসক ছিণ্ডি" (কীৰ্ত্তন)।
- ছিদাংchidāmAdjective
একেবাৰে নিশ্চয় কৰা; অলৰ; থিৰাং
conclusive; finally settled; unalterable
- ছিদাংকৈsi.dang.koiAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.