কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খলপীয়া
কেইবাখলপো থকা; তৰপীয়া; যেনে-"তিনি-খলপীয়া"
having strata, storeys or shelves
- খলমkhalamaNoun
কাপোৰ, তুলাপাত আদি নিমজ কৰিবলৈ দিয়া মাড় বা কৰাল
starch for polishing or sizing
- খলমলিNoun
খেলি-মেলি; হুলস্হূল; তোলপাৰ; যেনে-"অসূৰ সেনাত লগাইলা খলমলি" (মা. আদিকাণ্ড)
agitation; confusion; tumult
- খলমাkhalamāNoun
খমলা; গোটা মাৰি বা শুকাই টান হোবা জুলীয়া বা দ্ৰব বস্ত্ত
congealed fluid
- খলমা বান্ধ্, খলমা মাৰ্
শুকাই গোট মাৰ্ বা টান হ (জুলীয়া বস্ত্ত)
to coagulate
- খলাkhalāNoun
কোনো কাৰ্য্যত ব্যবহাৰ কৰিবলৈ চুৰুকি চিকণোবা ঠাই; খোলা
a place cleared for any purpose
- খলা-বমাkhalā-bamāNoun
ওখ-চাপৰ; অসমান; কোৰোকা-কুৰুকি; দ-বাম; খলা-খপা; ঠাইতে ওখ ঠাইতে চাপৰ
uneven; undulating; full of holes
- খলাখপাkhalākhapāAdjective
খলা-বমা
uneven
- খলাবমাkho.la.bo.maProper Adj.
মিহি বা সমান নোহোৱা, মাজে মাজে উখহা ঠাই থকা পৃষ্ঠ।
a unsmooth surface with small bumps on it.
- খলিkhaliNoun
গুটি পচোবা বা পুলি ৰোবা গাঁত
a hole made for sowing seeds or planting seedlings
- খলি ল
সঘনে অহা-যোবা কৰ; থাকিৰলৈ ঠাই ল
to frequent; to dwell
- খলি-খেদাkhali-khedāNoun
শাৰীত পাঁচোটাকৈ দুশাৰী খলি মাটিত যোৰ পাতি খানি প্ৰত্যেক খলিত পাঁচোটাকৈ গুটি দি, সেই গুটি হাতেৰে বুলাই কৰা এবিধ খেল।
- খলিকাkhalikāNoun
মুছলমানে ব্যবহাৰ কৰা এটা উপাধি
a title used by Musalmāns
- খলিতkhalitaNoun
নিষ্ফল; ফল নধৰা; যেনে-"বেদৰ বচন খলিত নহয়"
fruitless; false
- খলিফাkho.li.phaCommon Noun
মহম্মদৰ উত্তৰাধিকাৰী শাসকসকলে একালত ব্যৱহাৰ কৰা উপাধি; মুখ্য ধৰ্মীয় শাসক |
The civil and religious leader of a Muslim state considered to be a representative of Allah on earth.
- খলিহনাkhalihanāNoun
প্ৰায় কাবৈ মাছৰ সদৱশ কিন্ত্ত তাতকৈ কিছু সৰু, চঁছ আৰু চেপেটা গাৰে এবিধ ঘোদা বন্ধ পানীত থকা মাছ [গাৰ দুই ফালে পথালি ৰঙা আঁচ থাকে।]
a kind of small muddy-water fish; Trichogaster fasciatus
- খলিহাkhalihāNoun
প্ৰায় কাবৈ মাছৰ সদৱশ কিন্ত্ত তাতকৈ কিছু সৰু, চঁছ আৰু চেপেটা গাৰে এবিধ ঘোদা বন্ধ পানীত থকা মাছ [গাৰ দুই ফালে পথালি ৰঙা আঁচ থাকে।]
a kind of small muddy-water fish; Trichogaster fasciatus
- খলিহা-যখkhalihā-yakhaNoun
বিকৱত আকাৰৰ মানুহ [প্ৰবাদ আছে যে খলিহনা মাছ (সি প্ৰায় বৰশীত নোখোটে) বৰশীত উঠিলে তাৰ লগতে এটা যখো উঠি বৰশী বোবা মানুহটোৰ গাত লম্ভে; পাছে সেই যখৰ পীড়াত মানুহটো শুকাই-খীণাই বিকৱত আকাৰ ধৰে।]
an ugly emaciated person
- খলিহৈkhalihaiNoun
তেল পেৰি লৈ এৰা বা তেল পেৰা সৰিয়হৰ শুকান সিটা
oilcake; mustard cake
- খলুবাkhalubāNoun
টুটকীয়া; টেঙৰ; ধূৰ্ত্ত
cunning