কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একেতৰীeketarīAdjective
সান-মিহলি; চুবাই-নিকাই একে লগ হোবা; একেকঠী
without any distinction of being pure or impure; mixed up
- একেথিৰেekethireAdverb
থৰ লাগি; লৰচৰ নকৰাকৈ; একেৰাহে
motionless; with fixed attention
- একেথৰেekethareAdverb
থৰ লাগি; লৰচৰ নকৰাকৈ; একেৰাহে
motionless; with fixed attention
- একেদায়েekedāẏeAdverb
একে সময়তে; একেলগে; যেনে-"হেন চমত্কাৰ ৰুপচয় নিৰন্তৰে। একেদায়ে সবাকো দেখন্ত সৱষ্টিকৰে" (দশম)
simultaneously
- একেদেউekedeuNoun
এজন মাথোন প্ৰধান আৰু উপাস্য দেবতা; এক অদ্বিতীয় ঈশ্বৰ; যেনে-"এক-দেউ এক-সেউ এক বিনে নাহি কেউ"
one Supreme Deity
- একেদৰেe.ke.do.reConjuction
In the same manner
- একেধাৰেAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- একেধ্যানেekedhyāneAdverb
একেৰাহে; ৰ লাগি; আনফালে চকু নিদিয়াকৈ; এক দৱষ্টিৰে; একথিৰে
with the eyes fixed on one thing; intently
- একেপান্তিekepāntiAdjective
একে স্বভাবৰ
of the same character
- একেবাৰেekebāreAdverb
ঠিক এবাৰতে; পুনৰ বাৰলৈ নথকাকৈ
at once
- একেবাৰে একেe.ke.ba.re e.keAdjective Adj.
সকলো দিশৰ পৰা প্ৰায় সম্পূৰ্ণ মিল থকা ৷
Absolutely accurate or correct in every detail; the same in every detail.
- একেবাৰেইekebāreiAdverb
ঠিক এবাৰতে; পুনৰ বাৰলৈ নথকাকৈ
at once
- একেমুখীekemukhīAdjective
একেদিশ বা ফাললৈ মুখ বা গতি কৰা; যেনে-"নৈ মাত্ৰে সাগৰৰ ফালে একেমুখী"
moving towards the same direction
- একেমুখেekemukheAdverb
একে কথাৰে; কথাৰ অমিল নোহোবা কৈ; একেদৰে; একে বাক্যেৰ; যেনে-"এটাইবোৰ সাক্ষীয়ে একেমুখে ক'লে"
agreeing with one another in statement; speaking the same thing
- একেমুৱাe.ke.mu.khiProper Adj.
একেটা দিশত বা একেফালে গতি কৰা বা কাৰ্য্য কৰা
having, moving in, or operating in only one direction
- একেলগe.ke.logVerbal Adj.
একেটা উদ্দেশ্যত সহমত হৈ একেলগ হোৱা৷
Characterized by unity; being or joined into a single entity.
- একেলগ কৰ্e.ke.log korVerb-Trans.
সকলোবোৰ অংশ ল’গ-লগাই সম্পূৰ্ণ কৰ্৷
To make into a whole by bringing all parts together.
- একেলগ হৈe.ke.log hoiAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- একেলগেekelageAdverb
লগ লাগি; একেগোট হৈ; সঙ্গী হৈ
jointly; in company
- একেলালিয়েekelāliẏeAdverb
একেলেথাৰিয়ে; একেৰাহে
continuously