কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নবৰত্নnabaratnaNoun
মুক্তা, মাণিক্য, বৈদুৰ্ষ্য; গোমেদ, হীৰক, বিদ্ৰুম, পুষ্পৰাগ, মৰকত আৰু নীলকান্ত, এই নটা বহুমূলীয়া বস্ত্ত বা মণি
the nine gems
- নবৰসnabarasaNoun
শৱঙ্গাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বীভৎস, অদ্ভূত, শান্ত-এই নবিধ কাব্যৰস।
- নভnabhaNoun
আকাশ।
- নভঃnabhaḥNoun
আকাশ।
- নভঃশ্বাসno.bhoh.swaxMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- নভঃস্হলnabhaḥshalaNoun
আকাশ
the sky
- নভগাno.bho.gaProper Adj.
ভাগি নোযোৱা, অৰ্থাৎ গোটা হৈ থকা
not broken or damaged
- নভবা-নিচিন্তাno.bho.ba-ni.sin.taVerbal Adj.
ঘটিব বা হ’ব বুলি চিন্তা নকৰা বা নভবা
not framed in a thought or thoughts
- নভশ্চাৰীno.bhos.sa.riCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- নভশ্চৰno.bhos.sorCommon Noun
Crew member of a spacecraft who will be going to space or has already been to space
- নভসno.bhoxAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- নভসংগমno.bho.xong.gomMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- নভস্থলno.bho.stholAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- নভস্বানno.bho.swanMaterial Noun
গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি
Moving air, especially a natural and perceptible movement of air parallel to or along the ground.
- নভস্হলnabhashalaNoun
আকাশ
the sky
- নভাবীnabhābīAdjective
ভবিষ্যতলৈ নোহোবা; অসম্ভব; যেনে-"নভুত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ" (কুমৰহৰণ)।
- নভাষন্তnabhāṣantaIntransitive verb
ভাষা বা কথা নোকোবাকৈ থাক্; নিমাত হৈ একেৰাহে চাই থাক্; যেনে-"পৰম লাবণ্য অতি ৰূপ চমত্কাৰ। স্ত্ৰীসবে দেখি আঁখি নভাষন্ত আৰ" (দশম)।
- নভেম্বৰnabhembaraNoun
ইংৰাজী বছৰৰ একাদশ মাহ।
November
- নভেলnabhelaNoun
উপন্যাস।
novel
- নভোগোলকno.bho`.go`.lokAbstract Noun
পৃথিৱীৰ কেন্দ্ৰকে কেন্দ্ৰ বুলি ধৰি যি কাল্পনিক গোলক অঁকা হয় আৰু য’ত সকলো নক্ষত্ৰ স্থিৰ হৈ থকা যেন লাগে৷
The imaginary sphere with the center coinciding with the center of the Earth, where all the celestial bodies appear to contain.