কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডিম্বকোষNoun
সন্তান উৎপন্ন কৰা বীজৰ ভঁৰাল; মাইকী জন্ত্তৰ সন্তান উৎপন্ন কৰা কণীৰ জোলোঙা
the ovary
- ডিম্বাকাৰdim.ba.karAdjective Adj.
দেখিবলৈ কণীৰ নিচিনা;কণীৰ আকৃতিৰ ।
The shape of an ellipsoid likewise the shape of an egg.
- ডিম্বাকৃতিdim.kri.tiAdjective Adj.
দেখিবলৈ কণীৰ নিচিনা;কণীৰ আকৃতিৰ ।
The shape of an ellipsoid likewise the shape of an egg.
- ডিম্বাকৱতিAdjective
কণীৰ আকৱতি বা গঢ়ৰ; কণীৰ দৰে দুই মূৰ চেপা আৰু মাজ ডাঙৰ
oval
- ডিম্বাণুdimbanuMaterial Noun
স্ত্ৰী জনন কোষ, যি নিষিক্ত হোৱাৰ পাছত সন্তানৰূপে বিকাশ লাভ কৰে
Female egg cell from which young one develops after fertilization
- ডিম্বাশয়dimbaxoyMaterial Noun
ডিম্ব উৎপন্ন কৰা যুৰীয়া স্ত্ৰী অংগ।
The usually paired female or hermaphroditic reproductive organ that produces ova and, in vertebrates, estrogen and progesterone.
- ডিম্ভProper Adj.
যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷
Tending to make poor decisions or careless mistakes
- ডিম্ভচক্ৰAbstract Noun
মানুহৰ ওপৰত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে কৰা অধ্যয়ন
Study of supposed planetary influence on human affairs
- ডিমৰুḍimaruNoun
এবিধ বনৰীয়া গছ আৰু তাৰ ফল; [ইয়াৰ ত্ৰিশ জাতি মান আছে; যেনে-খহটা-ডিমৰু, ডিমৌ-ডিমৰু, যজ্ঞ-ডিমৰু, ইত্যাদি]
the fig tree and its fruit; ficus glomerata (Gamble )
- ডিলḍilaNoun
কলিজা
the heart
- ডিলাḍilāNoun
কঁঠালৰ বা গোমধানৰ মাজৰ দীঘলীয়া শাহটো
the spike to which the seeds of a jack or the grains of maize, etc., adhere
- ডিলা-মাৰি
নাঙলৰ ঈহ
a plough shaft
- ডিলামাৰিdi.la.ma.riMaterial Noun
এডাল দণ্ড বা মাৰি, যাক কেন্দ্ৰ কৰি এটা চকা ঘূৰে৷
A pin or a rod upon which a wheel revolves.
- ডিৰাḍirāAdjective
অকল; সুকীয়া; আনৰ লগত মিহলি নোহোবা; যেনে -"ডিৰা বাওঁ"
single; separate; unmixed
- ডিৰাইকৈḍirāikaiAdverb
অতিৰঞ্জিত কৰি; বেছিকৈ বঢ়াই
in an exaggrerated manner
- ডুকলিdu.ko.liMaterial Noun
বাঁহৰ সৰু পাচি বা ডুলি।
a small bamboo basket.
- ডুকুলিḍukuliNoun
বাঁহৰ সৰু পাচি বা ডুলি
small bamboo basket
- ডুখৰিḍukhari
"ডোখৰ" চোবাঁ।
- ডুখৰি-পীৰা
একে ডোখৰ বা চলা কাঠৰ খুৰা নথকা সৰু পীৰা
a small flat piece or slab of wood used as a seat
- ডুখৰীয়াAdjective
ডোখৰ ডোখৰ হৈ থকা; গুৰি বা মিহি নোহোবা
not reduced to powder; coarse; lumpsy; consisting of grains or lumps