কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠোহ ধৰ্ṭhoha, dhar
ঠহ ধৰ্।
- ঠোহঠোহনিṭhohaṭhohaniNoun
টোহ্টোহনি।
- ঠোহঠোহা
টোহ্টোহা।
- ঠোৰাtho`.raMaterial Noun
তামোলৰ পাত বা কলপাত আদিৰ মাজৰ ঠৰঙা ঠাৰি
the middle rib of a beetal leaf or banana leaf etc.
- ঠৌগাthou.gaProper Adj.
দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।
good looking or attractive (refers to a man).
- ঠৌঠৌবাṭhauṭhaubāAdjective
ঠলঠলীয়া।
- ঠৌৰাṭhaurāNoun
ঠৰুবা।
- ঠৎমত খাthot.mot khaVerb-Intran.
হঠাৎ কোনো চিন্তা, আবেগ বা অনুভূতিৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হ
to undergo a shock, i.e. a sudden or violent disturbance of the mind, emotions, or sensibilities
- ঠৰṭharaAdjective
লৰাব-চৰাব নোবৰা হোবা; ঠৰঙা (ভৰি আদি)
rendered stiff by want of motion, as a limb
- ঠৰ লাগ্
নলৰা- নচৰাকৈ ৰৈ থাক্; লৰচৰ নকৰাকৈ থাক্
to remain motionless
- ঠৰঙাAdjective
ভিৰ নোলোবা; লেহুকা নোহোবা; দোঁ নোখোবা; কোঁচ নোখোবা
stiff; not pliable
- ঠৰঙ্গাtho.rong.gaProper Adj.
যাক সহজে লৰাব নোৱাৰি বা যি নমনীয় নহয়
difficult to move, not elastic
- ঠৰঠৰীয়া
ঠৰঙা।
- ঠৰমৰṭharamaraAdjective
ঠেৰেঙা হৈ মৰা-প্ৰায় হোবা; অজ্ঞান হোবা; মূৰ্চ্ছিত
stunned; fainted; swooned
- ঠৰমৰ খা, ঠৰমৰ লাগ্
ঠেৰেঙা হৈ মৱত প্ৰায় হ
to faint; to swoon
- ঠৰহিয়া দিṭharahiẏā, di
ঠেৰেহা মাৰ।
- ঠৰীয়াṭharīẏāAdjective
ঠাৰি লগা; ঠাৰি থকা
having a stem
- ঠৰুবাṭharubāNoun
তামোল বা কলপাত আদৰ মাজৰ ঠৰঙা ঠাৰি; ঠোৰা
the middle rib of a plantain leaf or other similar leaf
- ঠৰুৱাtho.ru.waMaterial Noun
তামোলৰ পাত বা কলপাত আদিৰ মাজৰ ঠৰঙা ঠাৰি
the middle rib of a beetal leaf or banana leaf etc.
- ঠৰ্ লাগthor.lagVerb-Intran.
হঠাৎ কোনো চিন্তা, আবেগ বা অনুভূতিৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হ
to undergo a shock, i.e. a sudden or violent disturbance of the mind, emotions, or sensibilities